ৰহা উন্নয়ন খণ্ড এতিয়া দুৰ্নীতিৰ কৱলত…

ৰহা উন্নয়ন খণ্ড এতিয়া দুৰ্নীতিৰ কৱলত…

ডিজিটেল সংবাদ, ৰহাঃ ইটোৰ পিচত সিটো দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমচৈ গাঁও পঞ্চায়তত। বিগত পঞ্চায়ত কাৰ্যকালত দুৰ্নীতিৰ বাহিৰে একো নহ'ল নগাঁৱৰ চাপৰমুখ জিলা পৰিষদত বুলি অভিযোগ উত্থাপন হৈছে। চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত আমচৈ গাঁও পঞ্চায়তত জিলা পৰিষদৰ আঁচনিৰ নামত সংঘটিত এই দুৰ্নীতিৰ কথা পোহৰলৈ আনিছে আমচৈ গাঁও পঞ্চায়তৰ ডালিমবাৰীৰ একাংশ সচেতন ব্যক্তিয়ে।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ অহা চাপৰমুখ জিলা পৰিষদৰ প্ৰতিটো আঁচনিতে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। সমূহীয়া ভৱনৰ পৰা খোৱাপানী কুঁৱা নিৰ্মাণলৈকে সকলোতে কেৱল দুৰ্নীতি। কোনোটো আঁচনিয়ে সম্পূৰ্ণ নকৰাকৈ জনপ্ৰতিনিধি, বিষয়া, কৰ্মচাৰীয়ে লুটিলে আঁচনিৰ ধন।

চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত আমচৈ গাওঁ পঞ্চায়তৰ ডালিমবাৰীত নিৰ্মাণ কৰা সমূহীয়া ভৱনত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। চাপৰমুখ জিলা পৰিষদৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ ৩ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই সমূহীয়া ভৱনটো। আঁচনিৰ প্ৰাককলন মতে ভৱনটোৰ পকী বেৰ, দুৱাৰ, খিৰিকী থাকিব লাগে যদিও কেৱল টিনপাত লগায়েই কাম সম্পূৰ্ণ কৰা দেখুৱালে।

ইফালে, আনটো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আমচৈ গাওঁ পঞ্চায়তৰ ডালিমবাৰীৰ চিতলডুবি প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা এটা খোৱাপানীৰ কুঁৱাৰ সন্দৰ্ভত। কিন্তু কুঁৱাটোত পানী নোলাল। আমচৈ গাওঁ পঞ্চায়তে ৮০হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই কুঁৱাটো এতিয়া শিলেৰে ঢাকি থোৱা আছে।

অৱশেষত আমচৈ গাওঁ পঞ্চায়তৰে বালিকুছি তিনিআলিত নিৰ্মাণ কৰা বজাৰ গৃহৰ ক্ষেত্ৰত উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। চাপৰমুখ জিলা পৰিষদৰ অধীনত ৩লাখ ৫০হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা বজাৰ গৃহটোৰ কামো সম্পূৰ্ণ নকৰিলে। এনেধৰণৰ বহু দুৰ্নীতিৰ তথ্য ফাদিল হৈছে চাপৰমুখ জিলা পৰিষদ সমষ্টিত। বিগত কাৰ্যকালত প্ৰতিটো আঁচনিতে সংঘটিত হোৱাৰ অভিযোগ তুলিছে আমচৈ গাওঁ পঞ্চায়তৰ সচেতনমহলে। এই দুৰ্নীতিৰ লগত জনপ্ৰতিনিধি, গাওঁ পঞ্চায়তৰ সচিব, বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in