শেহতীয়া খবৰ
শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

23

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ চাপৰমুখৰ এটি ৪ বছৰীয়া শিশু আক্ৰান্ত হৈছে তেজৰ কৰ্কট ৰোগত। ব্লাড কেন্সাৰত আক্ৰান্ত শিশুটিৰ নাম ডেভিদ শীল। চাপৰমুখৰ বাপন শীল নামৰ লোকজনৰ পুত্ৰ চাৰি বছৰীয়া ডেভিদৰ তেজত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ।

একমাত্ৰ সন্তান ডেভিদৰ এই ৰোগ ধৰা পৰাত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। টেম্প’ চলাই কোনোমতে পৰিয়ালটো পোহপাল দিয়া দৰিদ্ৰ বাপনৰ এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা। পুত্ৰক উন্নত চিকিৎসাৰ বাবে হাতত নাই ধন, নাই সা-সম্পত্তি।

গুৱাহাটীৰ চিকিৎসকে চেন্নাইৰ এপল’ হাস্পতাললৈ নিবলৈ পৰামৰ্শ দিছে। কিন্তু পৰ্যাপ্ত ধনৰ অভাৱ বাপনৰ। বাপন নিজেও যকৃত ৰোগত আক্ৰান্ত। সেয়ে ভাগি পৰা বাপনে হাত পাতিছে ৰাইজৰ ওচৰত।

ইতিমধ্যে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে দুই চাৰি সুহৃদয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে আগবঢ়াইছে ধন। সেয়া পৰ্যাপ্ত নহয়। তথাপি সেই ধনেৰে বাপনে শিশুটিৰ চিকিৎসাৰ বাবে ওলাইছে চেন্নাইলৈ।

কোনো লোকে নিস্পাপ শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে ষ্টেট বেংকৰ ৰহা শাখাৰ 30818181597 (IFSC-SBIN 0002103) নম্বৰত ধন দিবলৈ অনুৰোধ জনাইছে বাপনে। নাইবা ৮৮৭৬১১৩৩৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব বাপনৰ লগত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি