ৰহাৰ বালিপাৰাত ১২ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৰহাঃ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ ভিন্ন প্ৰান্তত চলিছে আগন্তুক ৰাসক লৈ ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় ৰহাৰ বালিপাৰাবাসীও ৷ উল্লেখ্য যে, ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ৰহাৰ বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱে ৷ ১৯৯৫চনতে জন্ম লাভ কৰা বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱে ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা হেতুকে এই বৰ্ষটোত ৩দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে পালন কৰিব ৰাস মহোৎসৱ ৷ তাৰ বাবে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ৷

বৃহত্তৰ বালিপাৰাৰ সকলো এতিয়া ব্যস্ত হৈ পৰিছে আগন্তোক ৰাস মহোৎসৱটিক সফল কৰি তুলিবলৈ ৷ কাৰ্যসূচী অনুসৰি ১২নৱেম্বৰৰ পুৱা ৪বজাত প্ৰভাত ফেৰিৰে ৰাস মহোৎসৱৰ শুভাৰম্ভ হ'ব ৷ প্ৰভাত ফেৰিৰ পাচতে খোল প্ৰসংগ ,পৰিবেশ নিকাকৰণ আৰু বৃক্ষৰূপণ ,পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,নাম প্ৰসংগ , শ্ৰী শ্ৰী মদ্ভাগৱত শোভাযাত্ৰা ,শ্ৰী শ্ৰীমদ্ভাগৱত পাঠ আদি অনুষ্ঠিত হ'ব ৷

পতাকা উত্তোলন কৰিব আদৰণি সমিতিৰ সভাপতি ফাইন চন্দ্ৰ ডেকাৰজাই আৰু শ্ৰী শ্ৰীমদ্ভাগৱত শোভাযাত্ৰাৰ উদ্ধোধন কৰিব সমাজসেৱক তথা নাঙঠা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি মৃদুল মেধীয়ে ৷ বিয়লি ১:৩০বজাত অনুষ্ঠিত হ'ব মুকলি আলোচনা সভা ৷ 'শ্ৰী শ্ৰী কৃষ্ণৰ কেলি গোপাল ভাওনা আৰু শংকৰদেৱ গুৰুজনাৰ বৈঞ্চৱবাদৰ বিশ্লেষাত্মক অৱলোকন' শীৰ্ষক আলোচ্য বিষয়ত অনুষ্ঠিত হ'বলগা মুকলি আলোচনা সভাখন সঞ্চালনা কৰিব নগাঁও জিলা তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হাঁহিৰাম বৰদলৈয়ে আনহাতে সভাখন উদ্ধোধন কৰিব বিশিষ্ট সাহিত্যক , লোক সংস্কৃতিৰ গৱেষক চাও লোকেশ্বৰ গগৈয়ে ৷

সভাতে "খাজীখোৱা জান পাৰৰ সুভাষ" নামৰ স্মাৰকগ্ৰন্থখন উন্মোচন কৰিব ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই নিশা ৯বজাত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰীয়া কলি গোপাল ৷ উদ্ধোধন কৰিব মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷দ্বিতীয় দিনা ১৩নবেম্বৰত পুৱা ৮বজাত নাম প্ৰসংগৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীৰ অন্যতম মহিলা সমাৰোহ ১বজাত অনুষ্ঠিত হ'ব ৷

"বহুমূখী সমাজৰ জনজীৱনত অসমীয়া নাৰীৰ অৱদান আৰু সাম্প্ৰতিক সময়ৰ অৱস্থিতি" শীৰ্ষক মহিলা সমাৰোহখন উদ্ধোধন কৰিব অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক দীপ্তি দেৱী শৰ্মাই ৷মহিলা সমাৰোহখনিত অংশগ্ৰহণ কৰিব ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড° নিৰলা দেৱী ,বিশিষ্টা সাহিত্যিক ,অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° থুনু কলিতা ,সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজা আদিয়ে ৷

বিয়লি ৬বজাত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব শ্ৰী শ্ৰীবটদ্ৰবা থান পৰিচালনা সমিতিৰ কোষাধ্যক্ষ তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ঘনশ্যাম নাথে ৷নিশা ১০:৩০বজাত অনুষ্ঠিত হ'বলগীয়া পালা ভাওনা "লখিন্দাৰ বেউলা" উদ্ধোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷

১৪নৱেম্বৰ অন্তিমদিনা দুপৰীয়া ১বজাত "শিশু আৰু যুৱ মানসিকতাত সমাজ তথা অভিভাৱকৰ দায়বদ্ধতা" শীৰ্ষক যুৱ আৰু শিশু সমাৰোহ অনুষ্ঠিত হ'ব ৷ফাইন চন্দ্ৰ ডেকাৰজাই সঞ্চালনা কৰিবলগীয়া যুৱ আৰু শিশু সমাৰোহ উদ্ধোধন কৰিব বিশিষ্ট সমাজ সংগঠক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰেশ্বৰ পাটৰে ৷

সমাৰোহখনিত উপস্থিত থাকিব বিশিষ্টা সাহিত্যিক তথা ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সম্পাদিকা বিনু লস্কৰ ,ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° গজেন্দ্ৰ মোহন দেৱশৰ্মা,সদৌ তিৱা ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং , অকনি কবিতা ঘৰৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া আদিয়ে ৷ নিশা ৯বজাত অনুষ্ঠিত হ'বলগা অংকীয়া ভাওনা "কুৰুক্ষেত্ৰ মহাসমৰ" উদ্ধোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া বালিপাৰা ৰাস মহোৎসৱত সকলোৰে উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে আয়োজক কমিটিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in