ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা, VIDEO

ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ জোঙাল বলহু গড়ত দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। পথ অতিক্ৰম কৰিবলৈ গৈ ট্ৰাকত খুন্দা টাটা ছাফাৰীৰ। থিতাতে নিহত চালকৰ আসনত থকা লোকজন।

নিহত লোকজনৰ নাম দেৱজিত মহন্ত। নিহত লোকজনৰ ঘৰ লংকাৰ ২নং কাকীত। জানিব পৰা মতে দেৱজিত মহন্তই লংকাৰ কাকীৰ পৰা গুৱাহাটী অভিমুখে এএছ-০১-ডিএক্স-১৯২০ নম্বৰৰ টাটা ছাফাৰীখনেৰে গৈ থকা অৱস্থাত জোঙাল বলহু গড়ত আগে আগে গৈ থকা এএছ-০৯-অ'-৭৬৪৫ নম্বৰৰ ট্ৰাকখনক অতিক্ৰম কৰিবলৈ যাওঁতেই ট্ৰাকখনৰ পিচফালে প্ৰচণ্ড খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় ছাফাৰীখনৰ একমাত্ৰ যাত্ৰী দেৱজিত মহন্ত। দুৰ্ঘটনাটোত টাটা ছাফাৰীখনৰ সন্মুখভাগ সম্পূৰ্ণকৈ ভাগি যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in