ৰহাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতীকি ফাঁচী আছুৰ, VIDEO

ৰহাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতীকি ফাঁচী আছুৰ, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ 'মই সৰ্বানন্দ সোণোৱাল, মই জাতিদ্ৰোহী। মই হিমন্ত বিশ্ব শৰ্মা, ময়ো জাতিদ্ৰোহী। জাতিদ্ৰোহীক জানো কোনোবাই ক্ষমা কৰে?' জাতিৰ স্বাৰ্থ বিসৰ্জন দি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা একালৰ ছাত্ৰ নেেতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰতীকি ফাঁচী দিলে ৰহা আছুৱে।

বুধবাৰে সন্ধিয়া ৰহা নতুন চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বক প্ৰতীকি ফাঁচী দিলে আছুৱে। লগতে আছুৱে কয়, যদিহে চৰকাৰে জনতাৰ কথা নুশুনে তেতিয়া এদিন এই প্ৰতীকি কাৰ্য বাস্তৱ কৰিবলৈ অসমীয়া বাধ্য হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in