নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিহগী কবি ৰঘুনাথ চৌধাৰীক স্মৰণ…

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিহগী কবি ৰঘুনাথ চৌধাৰীক স্মৰণ…

ডিজিটেল ডেস্ক,নলবাৰী: অসমীয়া সাহিত্যত ৰমন্যাস সাহিত্যৰ ধাৰাৰ অধ্যয়ন কৰিবলৈ হ'লে অসমীয়া জাতীয়তাবাদ আৰু মানৱতাবাদৰ ধ্বজাবাহক ৰঘুনাথ চৌধাৰীৰ লেখাক অগ্ৰাধিকাৰ দিবই লাগিব। বিহগী কবি খ্যাত চৌধাৃৰীৰ চিন্তা চেতনা আৰু সাহিত্যক বাদ দি অসমীয়া সাহিত্যৰ আলোচনা সম্পূৰ্ণ হ'ব নোৱাৰে। এই মন্তব্য অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাৰ ।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত তথা বিহগী কবি ৰঘুনাথ চৌধাৰী সাহিত্য সভা আৰু পূব বৰক্ষেত্ৰী হাইস্কুলৰ কৰ্তৃপক্ষৰ সহযোগত ১৮ নৱেম্বৰত আয়োজিত বিহগী কবি– অসম সাহিত্য সভাৰ সভাপতি ৰঘুনাথ চৌধাৰী স্মৃতি দিৱসত অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত এই মন্তব্য আগবঢ়োৱাৰ লগতে অসম সাহিত্য সভাই সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে কোনো বাস্তৱিক ব্যৱস্থা নোলোৱা বুলি গভীৰ আক্ষেপ প্ৰকাশ কৰে।

লোহাৰকাঠাৰ পূব বৰক্ষেত্ৰী হাইস্কুলত এই দিৱস উপলক্ষে হোৱা ৰঘুনাথ চৌধাৰী স্মাৰক সভাত পৌৰোহিত্য কৰি দিয়া ভাষণত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে ভাল মানুহ হ'বলৈ হ'লে বৈজ্ঞানিক চিন্তা চৰ্চাৰে আগ বাঢ়িব লাগিব। আমাৰ সকলো মনীষীৰ তেজৰ ৰং আছিল ৰঙা । ইয়াত ধৰ্মৰ কোনো কথা নাই । সকলো ধৰ্মৰ লোকৰ তেজৰ ৰং ৰঙা । সেয়ে কোৱা হয় ভাল মানুহ হ'বলৈ ধৰ্মৰ বিচাৰ কৰা নহয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আকাশৰ তৰা, গ্ৰহ, নক্ষত্ৰ অবিহনে যেনেদৰে পৃথিৱী অন্ধকাৰময় হয় তেনেদৰে ৰঘুনাথ চৌধাৰীৰ দৰে প্ৰাতঃস্মৰণীয় লোকসকলৰ চিন্তা, চেতনা, সত্তা আৰু আদৰ্শ অবিহনে জাতিটো পৰিচয়হীন হ'ব বুলি অনুষ্ঠান আয়োজনৰ লক্ষ্য–উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানৰ আঁত ধৰে ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ সম্পাদক নয়নজ্যোতি মেধিয়ে ।

অনুষ্ঠানত জামালুদ্দিন আহমেদ, কুশল হালৈ আৰু নেকিবুৰ ৰহমানে স্বৰচিত কবিতা পাঠ কৰে । ইয়াৰ পূৰ্বে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি দিৱসৰ শুভাৰম্ভ কৰে বিহগী কবি ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইন শইকীয়াই । ইয়াৰ পাছতে পূব বৰক্ষেত্ৰী হাইস্কুলৰ প্ৰধান শিক্ষক মইনুল হক শইকীয়াই বিদ্যালয়ৰ পতাকা উত্তোলন কৰে । ছহিদ তৰ্পণ অনুষ্ঠান মুকলি কৰে পূব বৰক্ষেত্ৰী হাইস্কুল পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ফিৰোদুৰ ৰহমানে ।  বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিহগী কবি ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰমোহন কলিতাই ।

গছপুলি ৰোপণ কৰে লোহাৰকাঠা আদাবাৰী গাঁও পঞ্চায়তৰ সভাপতি  জিলিমা বেগম আৰু ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ উপ সভাপতি চবিনচন্দ্ৰ কলিতাই । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ চৰ চাপৰি উপ সমিতিৰ আহ্বায়ক চামচুল হক, ৰঘুনাথ চৌধাৰী  সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কনক কলিতা, আটাউৰ ৰহমান, ইমৰান হুছেইন, কুশল হালৈ, হাফিজুল ইছলাম, হৰমোহন কলিতা, তৰুণচন্দ্ৰ ডেকা, মহেন্দ্ৰনাথ বড়ো, ৰস্তুম আলী, প্ৰধান শিক্ষক মজুৰুদ্দিন আহমেদ, বিনয় চক্ৰৱৰ্তী, নেকিবুৰ ৰহমান, নুৰ ইছলাম, কহিনুৰ বেগম, কৰৱী কলিতা প্ৰমুখ্যে বহুকেইগৰাকী লোকে ভাগ লোৱা এই অনুষ্ঠান অসম সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in