‘ৰ’দালি’ মাহেকীয়া কবিতা আলোচনীয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

‘ৰ’দালি’ মাহেকীয়া কবিতা আলোচনীয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: গোলাঘাট জিলাৰ সৰুপথাৰস্থিত "ৰ'দালি প্ৰকাশন"ৰ পৰা ধাৰাবাহিক ভাৱে প্ৰকাশ পাই অহিছে মাহেকীয়া কবিতা আলোচনী "ৰ'দালি"। অসমীয়া কাব্য সাহিত্যত কিঞ্চিৎ অৱদান আগবঢ়োৱাৰ প্ৰয়াসেৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হৈছিল স্বৰচিত কবিতাৰ পাণ্ডুলিপি আৰু স্বৰচিত কবিতা প্ৰতিযোগিতাৰ।

উক্ত প্ৰতিযোগিতাৰ ফলাফল সমূহ "ৰ'দালি প্ৰকাশন"ৰ দ্বাৰা গঠিত বিশেষ "জুৰি ব'ৰ্ডে" এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে। উল্লেখ্য যে "ৰ'দালি প্ৰকাশন" গোষ্ঠীয়ে "ৰ'দালি" কাব্যালোচনী খনৰ অহা ছেপ্তেম্বৰ মাহত হবলগীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত স্বৰচিত কবিতা আৰু স্বৰচিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা বিগত জুন মাহৰ প্ৰথম সপ্তাহত সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছিল।

উক্ত প্ৰতিযোগিতাত বহু সংখ্যক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰে ।বৰ্তমান সময়তো অসমীয়া সাহিত্য চৰ্চা কৰা কবিৰ অভাৱ এতিয়াও হ্ৰাস পোৱা নাই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধ শতাধিক কবিয়ে স্বৰচিত কবিতা আৰু একুৰিতকৈ অধিক স্বৰচিত কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰে বুলি "ৰ'দালি প্ৰকাশন" গোষ্ঠী আৰু মাহেকীয়া কবিতা আলোচনী "ৰ'দালি"ৰ সম্পাদনা কক্ষৰ স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে।

বিশেষ জুৰি ব'ৰ্ডে ঘোষণা কৰা স্বৰচিত কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম স্থান অধিকাৰ কৰে যোৰহাটৰ কবি গাৰ্গী ভূঞাই, দ্বিতীয় স্থান লাভ কৰে যুটীয়াভাৱে যোৰহাটৰ ড০ হিমান্ত প্ৰতিম বৰগোহাঞি আৰু গুৱাহাটীৰ নীলাঞ্জনা শৰ্মা বৰুৱাই। তৃতীয় স্থান নলবাৰীৰ কিশোৰ কুমাৰ দাসে লাভ কৰিছে বুলি জানিব পৰা গৈছে। স্বৰচিত কবিতা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰদীপ বৰাই প্ৰথম, দেৰগাঁৱৰ অঙ্কুৰিতা ফুকনে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে মাজুলীৰ মঞ্জুলা দেৱীয়ে।

প্ৰতিযোগিতাত স্থান লাভ কৰা বঁটাসমূহ চলিত বৰ্ষৰ ৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি প্ৰতিযোগিতাৰ আয়োজকমণ্ডলীয়ে জানিবলৈ দিয়ে।ৰ'দালি প্ৰকাশন আৰু ৰ'দালি মাহেকীয়া কবিতা আলোচনীৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অসমৰ কেইবাগৰাকীও স্বনামধন্য কবি আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত ৰ'দালি প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা প্ৰায় দহখন গ্ৰন্থ উন্মোচন কৰাৰ বাবেও দিহা কৰা হৈছে বুলি বাতৰি পোৱা গৈছে।আগন্তক বৰ্ষপূৰ্তি অনুষ্ঠানত সুহৃদ কবি তথা শুভাকাংক্ষী সকলক উপস্থিত থাকি সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in