অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ…

অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি আৰএছএছৰ সৈতে জড়িত, এসময়ৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই সোমবাৰে যোগ দিলে কংগ্ৰেছ দলত। ২০১৪ৰ পৰা ২০১৯চনলৈ বিজেপি দলৰ পৰা জয়ী হৈ তেজপুৰ সমষ্টিৰ সাংসদ হোৱা ৰাম প্ৰসাদ শৰ্মাই দিল্লীৰ এক অনুষ্ঠানত কংগ্ৰেছত যোগ দিয়ে। তেওঁ কংগ্ৰেছত যোগ দিয়াৰ সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈ উপস্থিত থাকে।

কংগ্ৰেছত যোগ দিয়ে আৰ পি শৰ্মাই কয়, যি কাম কৰো ৰাইজৰ বাবে কৰিব বিচাৰো। ৰাইজৰ বাবেই যোৱা ৫ বছৰে কাম কৰিছিলো। এতিয়াও মই ৰাইজৰ বাবেই কাম কৰিম। তেওঁ লগতে বিজেপি দলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়, যিহেতু বিজেপিৰ পুৰণা মানুহক নলগা হ'ল, যিয়ে গাঁৱে-ভূঞে কষ্ট কৰি চৰকাৰ গঠন কৰিলো, সেইবোৰ মানুহক বিজেপিৰ প্ৰয়োজন নহ'ল৷ এতিয়া আমি নতুন ঘৰ বিচাৰিবই লাগিব৷ ইফালে আৰ পি শৰ্মাই কংগ্ৰেছ যোগ দিয়াৰ পিছতে তৰুণ গগৈয়ে তেওঁক দায়িত্বশীল মানুহ বুলি অভিহীত কৰে। গগৈয়ে কয়, তেওঁৰ গাত ককাদেউতাৰ দিনৰ পৰা কংগ্ৰেছৰ তেজ আছে৷"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in