বিজেপি এৰিম মইঃ আকৌ আৰ পি শৰ্মাৰ মহাবিস্ফোৰণ… EXCLUSIVE

বিজেপি এৰিম মইঃ আকৌ আৰ পি শৰ্মাৰ মহাবিস্ফোৰণ… EXCLUSIVE

আৰ পি শৰ্মাই বিজেপি এৰিবই। 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণক এই কথা জনালে আৰ পি শৰ্মাই। তেজপুৰৰ বৰ্তমানৰ সাংসগৰাকীয়ে আৰু কি ক'লে সেই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

প্ৰথমবাৰৰ বাবে বিদ্ৰোহৰ সূচনা কৰি 'অসমীয়া প্ৰতিদন'ৰ ডিজিটেল ডেস্কক তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই জনাইছিল তেওঁ বিজেপি ত্যাগ কৰিব। তেজপুৰৰ এই সাংসদগৰাকীয়ে শেহতীয়াকৈ আন এক বিস্ফোৰণ ঘটাইছে। বিজেপি এৰিলোৱেই বুলি তেওঁ ঘোষণা কৰিছে 'অসমীয়া প্ৰতিদিন'ৰ  ডিজিটেল ডেস্কৰ সৈতে হোৱা আন এক সাক্ষাৎকাৰত। তেজপুৰৰ সাংসদ গৰাকীয়ে স্পষ্টভাৱে এই কথা কৈছে যে তেওঁ বিজেপি এৰিব।

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতেই বিজেপিৰ বৰ্তমানৰ সাংসদগৰাকীৰ এই মন্তব্যই নিশ্চিতভাৱে শাসকীয় দলটোৰ নেতৃত্বৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। কেৱল এয়াই নহয়। তেওঁ যি দলত যোগ দিয়ে সেই দলৰ হৈ অসমজুৰি বিজেপিৰ বিৰুদ্ধে সৰ্বাতো প্ৰকাৰে সহায় কৰিব বুলিও ঘোষণা কৰিছে বিদ্ৰোহী সাংসদগৰাকীয়ে।

লোকসভা নিৰ্বাচনত নতুনকৈ যোগ দিয়া দলটোৱে তেওঁক টিকট নিদিলেও, দলটোৰ হৈ কাম কৰিব বুলি জনায় আৰ পি শৰ্মাই। কেৱল তেজপুৰ সমষ্টিতে নহয়, তেওঁৰ প্ৰভাৱ থকা সকলো সমষ্টিতে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও হুংকাৰ দিছে সাংসদগৰাকীয়ে। তেজপুৰ সমষ্টিত টিকট নোপোৱাতো নিশ্চিত হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে ইমান মুকলিকৈ সাংসদগৰাকীয়ে এই মন্তব্য কৰিছে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ আগত।

লোকসভা নিৰ্বাচনৰ লগতে ২০২১চনৰ বিধানসভা নিৰ্বাচনতো তেওঁ বিজেপি বিৰোধী ভূমিকা ল'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰ পি শৰ্মাই এই কথোপকথনত ক'লে-

সাংসদ আৰ পি শৰ্মাঃ বেলেগ দলত গ'লেও ইলেকশ্যন নেখেলিব পাৰো, কিন্তু বিজেপি এৰিমেই মই। সেই দলৰ হৈ মই কাম কৰিম গোটেই অসমত।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ হয়।

সাংসদ আৰ পি শৰ্মাঃ মই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম নাই নে ঠিক নাই। কিন্তু মই সম্পূৰ্ণ সময় আৰু শক্তিৰে কাম কৰিম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি যি দলতেই নাযাওঁক কিয়, সেই দলটোৰ হৈ আপুনি কাম কৰি যাব?

সাংসদ আৰ পি শৰ্মাঃ সম্পূৰ্ণভাৱে, নিজৰ সময়, ধন, গাড়ী, যেনেকৈ পাৰো তেনেকৈয়ে মই কাম কৰি যাম দলটোৰ হৈ। যিমানবোৰ ঠাইত মোৰ সমৰ্থক আছে তাৰ লগতে সমগ্ৰ অসমতে কাম কৰি যাম। এইবাৰ কৰিম আৰু ২০২১চনত কৰিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in