ক’হিমাত উপস্থিত হ’লহি আৰ এন ৰবি, বৃহস্পতিবাৰে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে ল’ব শপত

ক’হিমাত উপস্থিত হ’লহি আৰ এন ৰবি, বৃহস্পতিবাৰে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে ল’ব শপত

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ নৱ নিযুক্ত ৰাজ্যপাল আৰ এন ৰবি বুধবাৰে দুপৰীয়া বিমানযোগে পৰিয়ালৰ সদস্যসকলৰ সৈতে ক'হিমাৰ ৰাজভৱনত উপস্থিত হয়। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ, উপমুখ্যমন্ত্ৰী ৱাই পাট্টন, মুখ্য সচিব টেমজন ট্ৰয়কে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে ৰবিক আদৰণি জনায়।

ইয়াৰ পূৰ্বে ডিমাপুৰৰ বিমানবন্দৰত ৰবিক নাগালেণ্ড চৰকাৰৰ কৃষি মন্ত্ৰী জি কাইটো আৰু জেকব ঝিমমিয়ে আদৰণি জনায়। নগা পৰম্পৰাগত পোছাক পৰিধান কৰি বিভিন্ন নগা জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে উষ্ম আদৰণি জনায়। বৃহস্পতিবাৰে দুপৰীয়া ক'হিমাৰ ৰাজভৱনৰ দৰবাৰ হলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নৱ নিযুক্ত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in