ঐতিহাসিক অসম চুক্তিৰ ৫ স্বাক্ষৰকাৰীৰ ৪জনেই নাই ইহসংসাৰত…

ঐতিহাসিক অসম চুক্তিৰ ৫ স্বাক্ষৰকাৰীৰ ৪জনেই নাই ইহসংসাৰত…

ডিজিটেল ডেস্কঃ ঐতিহাসিক অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আছিল তেতিয়াৰ ভাৰত চৰকাৰৰ গৃহ সচিব আৰ ডি প্ৰধান। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিত স্বাক্ষৰকাৰীসকলৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন আৰু বিৰাজ কুমাৰ শৰ্মা আছিল।

অসম চুক্তিৰ মূল পৰিকাঠামো আছুৰ নেতৃত্বৰ সৈতে আলোচনা কৰি প্ৰস্তুত কৰিছিল আৰ ডি প্ৰধানে। চৰকাৰী পক্ষৰ হৈ কেন্দ্ৰীয় গৃহ সচিব প্ৰধানৰ উপৰিও সেই সময়ৰ অসমৰ মুখ্য সচিব পি পি ত্ৰিবেদীয়ে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত সেই চুক্তিত স্বাক্ষৰ কৰিছিল।

৩১জুলাই, ২০২০ত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ মৃত্যুৰ লগে লগে এই ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰা পাঁচোজন স্বাক্ষৰকাৰীৰ ভিতৰত ৪জনৰে মৃত্যু হয়য। উল্লেখযোগ্য যে, আৰ ডি প্ৰধানৰ বাবেই অসম চুক্তিৰ পূৰ্বে সমাধানৰ স্মাৰক পত্ৰতো স্বাক্ষৰ কৰিছিল।

১৯৮৩চনক অসম আন্দোলনৰ বিষয়টোৰ পৰা তেওঁ আতৰি হৈছিল যদিও পুনৰ মধ্যস্থতাকাৰী ভূমিকা লৈছিল ১৯৮৫চনৰ আগষ্টত। সেই সূত্ৰে ৮৫চনৰ ৯ আগষ্টত গুৱাহাটীলৈ আহি আৰ ডি প্ৰধানে এই বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিছিল।

১৯৮৫চনত ১৫আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত এই ঐতিহাসিক চুক্তিৰ খচৰা গুৱাহাটীতেই প্ৰস্তুত কৰা হৈছিল। আৰ ডি প্ৰধান আছিল সেই সময়ৰ ভাৰত চৰকাৰৰ এজন সফল আই এছ বিষয়া। ৰাজীৱ গান্ধীৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত আৰ ডি প্ৰধানৰ মৃত্যু হয় মুম্বাইত ৯২বছৰ বয়সত।

মহাৰাষ্ট্ৰৰ আই এছ কেডাৰ ৰূপে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা আৰ ডি প্ৰধানে ২০০৭চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দুজনীয়া তদন্তকাৰী দলৰ অন্যতম সদস্য আছিল। পঞ্জাৱৰ সেই সময়ৰ অশান্ত পৰিৱেশ, খালিস্তান আন্দোলনৰ সমাধানৰ ক্ষেত্ৰতো আৰ ডি প্ৰধানৰ ভূমিকা মন কৰিবলগীয়া।

মিজোৰাম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়তো প্ৰধান ভূমিকা পালন কৰিছিল এইগৰাকী বিষয়াই। আৰ ডি প্ৰধানক অৰুণাচলৰ দ্বিতীয়গৰাকী ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া হৈছিল ১৯৮৭চনৰ মাৰ্চত। আৰ ডি প্ৰধানৰ মৃত্যুৰ লগে লগে অসম আন্দোলনৰ পাছত স্বাক্ষৰিত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰকাৰী সকলৰ ভিতৰত এতিয়া কেৱল প্ৰফুল্ল কুমাৰ মহন্তহে জীয়াই আছে।

উল্লেখযোগ্য যে, অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা আছুৰ সেই সময়ৰ সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকন, অসমৰ প্ৰাক্তন মুখ্য সচিব ত্ৰিবেদী, অগপৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিৰাজ কুমাৰ শৰ্মাই ইতিপূৰ্বেই ইহ সংসাৰ ত্যাগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in