পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. মানকাচৰৰ পুৰাণ দিয়াৰা তেলিপাৰাত ভয়ংকৰ অগ্নিকাণ্ড । কেবাটাও পৰিয়ালৰ ৮টা ঘৰ, আচবাব-পত্ৰ সহ ২৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ । হাটশিঙিমাৰী আৰু মানকাচৰৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপন কৰে জুই।

২. যোগীঘোপাত গুলিচালনাৰ ঘটনা।যোগীঘোপাৰ দলনিবলত সংঘটিত হয় এই ঘটনা। প্ৰাক্তন কংগ্ৰেছ নেতা তথা দলনি বিলৰ লেচী বাবু শৰ্মাক অচিনাক্ত দুৰ্বৃত্তৰ গুলি চালনা। অৱেশ্য গুলি নালাগিল শৰ্মাৰ দেহত ।ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

৩. কাছাৰৰ মনিপুৰ সীমান্তত নগা বিদ্ৰোহীৰ গুলিচালনা ৷ জিৰিঘাট থানাধীন চানটিলা নগা ৰংমাই বস্তিত গুলি চালনা৷ NSCN উগ্ৰুপন্থীয়ে গুলি কৰাৰ সন্দেহ ৷ নিৰ্বিছাৰ গুলিছালনাত এজন লোক আহত ৷ আহত জনক SMCH লৈ প্ৰেৰন ৷ গুলি চালনাৰ কাৰন জানিব পৰা হোৱা নাই ৷

৪.ঢকুৱাখনা -মাছখোৱা গড়কাপ্তানী পথৰ  মানিকপুৰ গাঁওৰ ওচৰৰ জৈন মন্দিৰৰ সমীপত  সোমবাৰে  নিশা প্ৰায় ৮ বজাত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণি মতে ঢকুৱাখনা নগৰৰ পৰা মাছখোৱা অভিমুখী এখন  তীব্ৰ বেগী মাৰুটি এলত্ৰ' গাড়ীয়ে  নিয়ন্ত্ৰণ হেৰুৱাই  জৈন মন্দিৰৰ সমীপৰ পথৰ কাষত ৰৈ থকা  মানিকপুৰ  অৱস্থাত আঁকিল  আলি  (২১)নামৰ  নিৰীহ যুৱক জনক  প্ৰচণ্ড ভাবে খুন্দা মাৰে।

৫. পঞ্চদশ অসম যুৱ মহোৎসৱ উপলক্ষে কৰিমগঞ্জৰ জিলা পুথিভঁৰাল ত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰই আয়োজন কৰা এক বিশেষ অনুষ্ঠানত "যোগ প্ৰচাৰক"ৰ বঁটা ধনঞ্জয় তালুকদাৰলৈ আগবঢ়ায় ।

৬. প্ৰৱঞ্চকৰ জালত পৰি হোজা গাঁৱলীয়া , নিৰক্ষৰী জনতা লটি ঘটি হোৱাৰ উদাহৰণ অলেখ যদিও কোকৰাঝাৰৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত প্ৰৱঞ্চকৰ জালত পৰি লটি ঘটি হোৱাৰ দৰে এক নাভূত নাশ্ৰুত ঘটনাই জিলাখনত আমোদৰ সৃষ্টি কৰিছে । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাসে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ অনুসৰি যোৱা ১১ ডিচেম্বৰত ৯৪৩২৬৮৪৭২৫ নম্বৰৰ পৰা তেওঁ এটা ফোনকল লাভ কৰে ।

৭. অসম মীন উন্নয়ণ নিগমত নিযুক্তিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মীন নিগমৰ অধ্যক্ষ হৈ থকাৰ সময়তে অসম মীন উন্নয়ণ নিগমত বিজ্ঞাপন অবিহনেই নিযুক্তি দিয়া হৈছিল শতাধিক প্ৰাৰ্থীক। ৰমাকাম্ত দেউৰীৰ আমোলত মীন নিগমৰ হৰ্তা-কৰ্তা হৈ পৰা বিশেষ কৰ্তব্যৰত বিষয়া পদ্ম হাজৰিকাৰ নেতৃত্বতে হৈছিল এই নিযুক্তি প্ৰক্ৰিয়া।

৮.অসম আৰু খিলঞ্জীয়া অসমীয়াৰ জাতীয় অস্তিত্বলৈ প্ৰচণ্ড ভাবুকি মাতি অনাৰ পূৰ্ণ সম্ভাৱনা বিশিষ্ট "নাগৰিকত্ব সংশোধনী আইন" (কা)ৰ  বিৰোধী সংগ্ৰাম অধিক ক্ষীপ্ৰতৰ হ'ব। শীঘ্ৰে  এই জাতি ধ্বংসী আইনৰ বিৰুদ্ধে ব্যাপক  ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলা হ'ব। সোমবাৰে লখিমপুৰ জিলা চি পি আই এমৰ দ্বাদশ সন্মিলনত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

৯. ৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত বিশেষ শিবিৰত মঙলবাৰে জীৱন কৌশল(life skill)ৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে অসমীয়া প্ৰতিদিন কাকত আৰু প্ৰতিদিন টাইমৰ বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই। 

১০. টাইম আলোচনীৰ পাৰ্ছন অফ দ্যা ইয়েৰ হিচাপে মনোনীত কৰা হৈছে টেছলাৰ প্ৰতিষ্ঠাপক এলান মাস্কক। টাইম আলোচনীৰ মতে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি এলান মাস্কৰ নিজা ঘৰ নাথাকিব পাৰে কিন্তু তেওঁৰ উপলব্ধি হৈছে মহাকাশলৈ। প্ৰযুক্তিৰ ক্ষেত্ৰখনত সদায় শীৰ্ষস্থানত থকা এলান মাস্কে মহাকাশ প্ৰযুক্তিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এইবাৰ টাইম আলোচনীয়ে পাৰ্ছন অফ দ্যা ইয়েৰ সন্মান প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in