পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৪০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৫৪জন কামৰূপ মেট্ৰ'ৰ, ১৬জন যোৰহাটৰ, ৮জন বৰপেটাৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৪৮জন ৰোগী। ৰাজ্যত সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২৩০জন লোক সুস্থ হয়। ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু।

২. গোপন তথ্যৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয় সোমবাৰে বৃহৎ সফলতা লাভ কৰে ৷ শিলচৰ থানাধীন ৰাংঙিৰখাৰি আৰক্ষী চকীৰ এটা দলে এখন সন্দেহ জনক ট্ৰাকত অভিযান চলাই জব্দ কৰিছে ম্যানমাৰত প্ৰস্তুত কৰা WY বা ইয়াবা নামৰ বুজণ পৰিমাণৰ নিচাজাতীয় টেবলেট । শিলচৰ সোনাই ৰোডৰ নাগাটিলাত AS O1- DC 7693 নম্বৰৰ এখন ট্ৰাকত অভিযান চলাই জব্দ কৰিছে ৩৯ হাজাৰ ৬০০টা নিচাজাতীয় টেবলেট।

৩. অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে। জন আব্ৰাহাম, চলমান খানৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ সন্মত হৈছে বলীউডৰ তাৰকা অভিনেতা সঞ্জয় দত্ত। ১৯৭২ চনত পূৰ্বৰ নেফা নাম সলনি কৰি নেফাৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত এই নতুন প্ৰদেশখনে আত্মপ্ৰকাশ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হ'ব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ'নাৰ অধ্যক্ষতাত "অৰুণাচল প্ৰদেশৰ ৫০ বছৰ" নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।

৪. লেখাপানী আঞ্চলিক বন বিভাগৰ পুনৰ এক বৃহৎ সাফল্য। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত লেখাপানী বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান। অভিযান কালত অবৈধ ভাৱে চোৰাং কাঠৰ কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজন হাতীৰ মাউতক আটক কৰা হয়। হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে।

৫. নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰাৰ কাৰ্যালয়ত সোমবাৰে মহিলা আৰু শিশুৰ বাবে জিলা পৰ্যায়ৰ যুটীয়া টাস্ক ফ'ৰ্চ গঠন আৰু প্ৰথমখন সভা অনুষ্ঠিত কৰা হয় । ১২ গৰাকী বিষয়াৰে গঠিত টাস্ক ফ'ৰ্চে জিলাখনৰ মহিলা আৰু শিশুৰ বিভিন্ন সমস্যা সমূহৰ ওপৰত দৃষ্টি ৰাখি চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণৰ ব্যৱস্থা কৰিব। সভাত জিলাখনৰ মহিলা আৰু শিশুসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়, মহিলা আৰু শিশুৰ সৈতে সম্পৰ্কিত সমস্যাৰ মোকাবিলা কৰাত উদ্ধাৰকাৰী দলে সন্মুখীন হোৱা সমস্যা সমূহ আৰু মহিলা শক্তি কেন্দ্ৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। 

৬. যোৰহাটত আছু নেতাৰ হত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা সৰু ঘটনাক কেন্দ্ৰ কৰি ৫০ জন উদণ্ড লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ছাত্ৰ নেতাজনক। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এতিয়ালৈকে তিনিজন লোকক। আটক কৰা লোক কেইজনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। যোৰহাটৰ আৰক্ষী অধীক্ষকে এই ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোককে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে।

৭. বহু প্ৰত্যাশিত মাজুলীৰ দলঙৰ খুঁটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ পাটত অনুষ্ঠিত এক ৰাজহুৱা সবাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই পোনে পোনে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলী উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলাৰ দুটাকৈ সাংবাদিকৰ সংগঠন আপকু আৰু সাংবাদিক সন্থাৰ কুৰি গৰাকীৰো অধিক সাংবাদিকৰ লগত মতবিনিময় কৰে। মুখ্যমন্ত্ৰী গৰাকীক আপকু মাজুলী জিলাৰ সভাপতি জ্যোতি‌ষ কুমাৰ তামুলীয়ে এখন চেলেং চাদৰ, সম্পাদক ভাস্কৰ বৰাই ফুলাম গামোচা আৰু ভাস্কৰ কটকীয়ে এখন সফুৰাৰে সম্বৰ্ধনা জনায়। মাজুলী জিলা ইলেকট্ৰনিক মেডিয়াৰ সম্পাদক তীৰ্থ ভূঞাই ঐতিহাসিক আউনীআটী সত্ৰৰ ৪ বছৰীয়া হেঙুল হাইতাল বুলোৱা ফুলাম বিচনীৰে সম্বৰ্ধনা জনায়। 

৮. মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমি সম্পৰ্কীয় আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভেৰ সঞ্চালক জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে এই সম্পৰ্কে সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে এক জাননী। ২৯ নৱেম্বৰ ২০২১, সোমবাৰে প্ৰেৰণ কৰা এই জাননীৰ জৰিয়তে সকলো জিলাৰ উপায়ুক্তক অৱগত কৰা হৈছে যে মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় যি আবেদন কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল সেই সময়সীমা ৭ দিন বৃদ্ধি কৰা হৈছে। পূৰ্বে ৩০ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল মিছন বসুন্ধৰাৰ অধীনত আবেদন প্ৰক্ৰিয়া। 

৯. লোকসভা আৰু ৰাজ্যসভাৰ দুয়োখন সদনৰ কাম-কাজ স্থগিত। বিৰোধীৰ হুলস্থুলৰ বাবে দুয়ো সদনৰ কাম-কাজ স্থগিত। ৰাজ্যসভাৰ কাম-কাজ ১২.১৯বজালৈ স্থগিতৰ ঘোষণা অধ্যক্ষ। লোকসভাৰ কাম-কাজ ১২বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। উল্লেখ্য যে, আজিৰে পৰা ২৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন। ৩৬খনকৈ বিধেয়ক উপস্থাপন কৰা হয় এই অধিৱেশনত। কৃষি আইন বাতিলৰ আনুষ্ঠিকতাও সম্পন্ন হব এই অধিবেশনত।

১০. ড্ৰাগছ মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজি নগাঁও চহৰত মুকলি কৰা হয় এটি চিকিৎসা কেন্দ্ৰ ৷ সোমবাৰে চহৰখনৰ কাষৰীয়া অঞ্চল টাউন তেলিয়া গাঁৱত আনুষ্ঠানিক ভাবে কেন্দ্ৰটো মুকলি কৰা হয় ৷ ড্ৰাগছৰ কবলত পৰি এখন ঘৰ এটি জীৱণ ধ্বংস হৈ অহাৰ কৰুণ পৰিঘটনাৰ পৰা পৰিত্ৰান পোৱাৰ উদ্দেশ্যে লৈয়ে নগাঁৱৰ যুবক বেদান্ত বৰাৰ প্ৰচেষ্টাতে এই চিকিৎসা কেন্দ্ৰটো স্হাপন কৰা হৈছে ৷ সোমবাৰে দুপৰীয়া ভাগত অনুষ্ঠিত নিচাসক্ত লোকৰ চিকিৎসা কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত সিদ্ধাৰ্থ প্ৰতীম দত্ত , মনদ্বীপ বৰুৱা , পিঙ্কু ঘোষ , বেদান্ত বৰা , বিজুমনি লিগিৰা , সংগীতা খাটনিয়াৰ আদি উপস্হিত থাকে ৷ 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in