পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৩৩৩৬জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ১৬৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে ৪৮জন কামৰূপ মেট্ৰ'ৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৩৩৩৬জনলৈ পাইছে বৃদ্ধি। ইফালে, বৃহস্পতিবাৰে সুস্থ হয় ১৭৭জন। এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৮৮৪৩জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ৩৫০৫জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৯৮৫জন লোকৰ মৃত্যু।

২. অহা ১৬-১৭ ডিচেম্বৰত এজেপিৰ ৰাজনৈতিক অভিবৰ্তন

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিবৰ্তন দুদিনীয়াকৈ অনুষ্ঠিত হ'ব । শিৱসাগৰত অহা ১৬ আৰু ১৭ ডিচেম্বৰ ২০২০ত অনুষ্ঠিত হ'ব লগা এই অভিবৰ্তনৰ পূৰ্বেই আছুৰ প্ৰাক্তন নেতা লুৰীণ জ্যোতি গগৈয়ে দলটোত আনুষ্ঠানিক ভাবে যোগ দান কৰিব । এই ৰাজনৈতিক অভিবৰ্তনত প্ৰথম দিনা দলৰ সংবিধান চূড়ান্ত কৰা হ'ব আৰু ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদৰ সম্পূৰ্ন কাৰ্যনিবাহক কমিটি গঠন কৰা হ'ব । শিৱসাগৰত অনুষ্ঠিত হ'ব লগা এই অভিবৰ্তনত প্ৰায় ১ লাখ লোকৰ সমাগম হ'ব বুলি সদৰি কৰিছে এজেপি সূত্ৰই ।

৩. বিশিষ্ট চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই বীৰ লাচিতকলৈ নিৰ্মান কৰিব চিনেমা

 কেমেৰাত বন্দী হ'ব শৰাইঘাটৰ যুদ্ধৰ নায়কৰ জীৱন কাহিনী । আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই নিৰ্মান কৰিব অসমীয়া জাতিৰ বীৰ পুৰুষ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনক লৈএখন ছবি । উল্লেখযোগ্য যে, ১৯৬১ চনতো বীৰ লাচিতকলৈ এখন ছবি নিৰ্মান কৰা হৈছিল । বুৰঞ্জী মুলক এই ছবিৰ পৰিচালক আছিল লক্ষ্যধৰ চৌধুৰী । তাৰ পিছত পুনৰ লাচিত বৰফুনৰ জীৱনক লৈ আন এখন ছবি নিৰ্মান কৰিবলৈ ঘোষনা কৰিছে জাহ্নু বৰুৱাই ।

৪. শুকুৰবাৰে কোকৰাঝাৰৰ পাকিৰাগ্ৰামত ৯ সংখ্যক কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ স্মৃতি দিৱস

শুকুৰবাৰ অৰ্থাৎ ৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব ইণ্ডেজেনিয়াছ ট্ৰাইবেল সাহিত্য সভা চমুকৈ আইটিএছএছএ-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাই আইটিএছএছএ-য়ে। এই প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি শুকুৰবাৰে দিনৰ ২ বজাত অনুষ্ঠিত হ'ব এই বৈঠক। কোচ-ৰাজবংশী ভাষাৰ পিতৃ কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ ৯সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজন কৰা হ'ব এই বৈঠক। 

৫. দৰঙত আন্তৰ্জাতি দিব্যাংগ দিৱস পালন

আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মঙলদৈৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডিৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক জোৱাহিৰা তাবাচুম, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈকে প্ৰমুখ্য কৰি সৰ্বশিক্ষা অভিযান, দৰঙৰ কেবাজনো বিষয়া আৰু শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে সভাখনত। এই সভাত অসম চৰকাৰৰ নিৰ্দেশনামতে ২০১৯-২০ বৰ্ষৰ হাই মাদ্ৰাছা পৰীক্ষাৰ দিব্যাংগসকলৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ পোৱা মুৰুৱাচকী হাইমাদ্ৰাছাৰ ছাত্ৰ ইনজামুল হকক এটা স্মাৰ্ট টি ভি, এখন প্ৰমাণপত্ৰ সহ 'প্ৰেৰণা বঁটা' প্ৰদান কৰা হয়। 

৬. কাৰ্বি আংলঙত পথ দুৰ্ঘটনাত নিহত দুজন

বৃহস্পতিবাৰে দুপৰীয়া কাৰ্বি আংলং জিলাৰ ফুলনিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈ আকিবুল ৰহমান আৰু আজগৰ আলি নামৰ দুজন বাইক আৰোহী থিতাতে নিহত হয়৷ মৃত দুয়োজন লোকে শহুৰেকৰ মৃতদেহ লৈ ডিফুৰ পৰা পাৰখোৱাৰ হালধিআটিলৈ গৈ আছিল৷ মৃত দুয়োজনে তীব্ৰ বেগেৰে পালচাৰ বাইক চলোৱাৰ পৰিণতিতে দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে৷ দূৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইক খনৰ নম্বৰ এএছ ০৯ডি ৭৪৬৫ । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাৱে দুয়োটা মৃতদেহ ডিফুলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷

৭. দিল্লীৰ কৃষক আন্দোলনক সমৰ্থন জনাই উত্তাল প্ৰতিবাদ

দিল্লীত অব্যাহত থকা নজিৰ বিহীন কৃষক বিদ্ৰোহৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই বৃহস্পতিবাৰে ধিঙত পালন কৰে কৃষক সংহতি ধৰ্ণা।বৃহস্পতিবাৰে বিয়লি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰিৱ ন্যায় সন্থা আৰু ধিং দুৰ্নীতি বিৰোধী সন্থাৰ উদ্যোগত কৃষক বিৰােধী আইন বাতিল কৰা, ভূমি জৰীপ আৰু পট্টা প্রদান কৰা, কৃষিক্ষেত্র পুজিপতিক গটাই দিয়া চক্রান্ত বন্ধ কৰা, ইআইএ ২০২০ বাতিল কৰা আৰু থলুৱা কৃষকৰ ভূমি অধিগ্রহন কৰা বন্ধ কৰা, উৎপাদন খৰছৰ লগত ডেৰগুণ যাগে কৰি কৃষকৰ উৎপাদিত ফচলৰ সমর্থন মূল্য ঘােষনা কৰাৰ দাবীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদেৰে ধিংৰ বিলটিয়া চাৰিআলি উত্তাল কৰি তোলে।

৮. কৃষি আইন বাতিল নকৰিলে দেশজুৰি হ'ব প্ৰতিবাদঃ মমতা বেনাৰ্জী

দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। এই প্ৰতিবাদক সমৰ্থন জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। মমতা বেনাৰ্জীয়ে কয় যে, যদি নতুন কৃষি আইন বাতিল কৰা নহয়, তেন্তে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। মমতা বেনাৰ্জীয়ে কৃষি আইনৰ বিৰোধিতা কৰি আহিছে। তেওঁ শেহতীয়াকৈ দাবী কৰিছিল যে, কৃষি আইনক লৈ বিজেপিক কোনো ৰাজনৈতিক দলে সমৰ্থন জনোৱা নাই। তাৰপাছতো বিজেপিয়ে এই আইন বলবৎ কৰিব বিচাৰে। উল্লেখ্য যে, যোৱা প্ৰায় ৮ দিন ধৰি দিল্লীৰ সীমান্তৱৰ্তী এলেকাত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে।

৯. গুৱাহাটীৰ ড্ৰাগছৰ ঘাটিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান,দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ ড্ৰাগছৰ ঘাটিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান । ফাঁচী বজাৰৰ পৰা ধন বিনিয়োগ হয় ড্ৰাগছ ব্যৱসায়ত । বৃহৎ লাভৰ আশাত একাংশ বৃহৎ ব্যৱসায়ীয়ে ধন বিনিয়োগ কৰাৰ সন্দেহ । ধন বিনিয়োগকাৰী দুই ব্যৱসায়ী গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ কৰা দুই ব্যৱসায়ী দুজন চনু আগৰৱালা আৰু বিনায়ক চামচুখা। দুই ব্যৱসায়ীৰ পৰা ১২ লাখ নগদ ধন জব্দ । দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল এজন ড্ৰাগছ ব্যবসায়ী শংকৰ দাস । গ্ৰেপ্তাৰ হোৱা বেলতলাৰ ড্ৰাগছ ব্যবসায়ীৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োকে। বৰ্ত্তমান জেৰা অব্যাহত আৰক্ষীৰ ।

১০. দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক প্ৰেৰণা বঁটা প্ৰদান

আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আগবঢ়োৱা প্ৰেৰনা বঁটা প্ৰদান কৰে গুমৰীয়া পথাৰ উচ্চ বিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক । বঁটা স্বৰূপে ছাত্ৰী গৰাকীক এটি স্মাৰ্ট টিভি আৰু মানপত্ৰ প্ৰদান কৰা হয় । এই গৰাকী দিব্যাংগ ছাত্ৰই বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে হিন্দী বিষয়ত লেটাৰ পাইছিল । আনহাতে দিব্যাংগ শিশু আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ শিক্ষক ভাস্কৰ শৰ্মাক জিলা উপায়ুক্ত গৰাকীয়ে প্ৰেৰনা বঁটা প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in