পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০৪৩৮৬জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২১৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২০৪৩৮৬জনলৈ পাইছে বৃদ্ধি। ইফালে, সোমবাৰে ৰাজ্যত সুস্থ হৈছে ২৮৩২জন লোক। বৰ্তমানলৈ সুস্থ হৈ উঠিছে ১৮৮৫৮৪জন লোক। আনহাতে, চিকিৎসাধীন হৈ আছে ১৪৮৯১জন ৰোগী। বৰ্তমানলৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা ৯০৮জনলৈ বৃদ্ধি।

২. বিহাৰ বিধানসভা নিৰ্বাচনঃ ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

সন্মুখত বিহাৰৰ বিধানসভা নিৰ্বাচন। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। মুঠ ২৪৩খনৰ আসনৰ বাবে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাৰ্থী প্ৰত্যাশীসকলে। প্রথম পৰ্যায়ত ৭১খন আসনত ২৮ অক্টোবৰ, ২০২০ত, দ্বিতীয় পৰ্যায়ত ৯৪খন আসনৰ বাবে ৩ নবেম্বৰ, ২০২০ত আৰু তৃতীয় পৰ্যায়ত ৭৮খন আসনৰ বাবে ৭ নবেম্বৰ, ২০২০ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

৩. অহা ৩১ অক্টোবৰত আকাশ দেখা পোৱা যাব ব্লু মুন

সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত ৩১ অক্টোবৰত আকাশত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন। এই ব্লু মুন দেখা পোৱা যাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এথিয়া তথা ইউৰোপৰ দেশসমূহত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰায় ৭৬ বছৰ পূৰ্বে দেখা পোৱা গৈছিল ব্লু মুন। আৰু ১৯ বছৰ পাছতহে পুনৰ দেখা পোৱা যাব এই নীলা চন্দ্ৰ।

৪. হাথৰছ কাণ্ডঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিব গুৰুত্বপূৰ্ণ ৰায়

উত্তৰপ্ৰদেশৰ হাথৰছ হত্যা আৰু ধৰ্ষণকাণ্ডক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব। মুখ্য ন্যায়াধীশ এছ এ ব'বডে, ন্যায়াধীশ এ এছ বোপন্না আৰু ন্যায়াধীশ বি ৰামাসুব্ৰমণিয়মৰ বেন্সে ৰায় প্ৰদান কৰিব এই হত্যা-ধৰ্ষণকাণ্ডৰ গোচৰৰ। উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল'ব যে এই গোচৰৰ ওপৰত দৃষ্টি সৰ্বোচ্চ ন্যায়ালয়ে ৰাখিব নে ইয়াৰ দায়িত্ব দিয়া হ'ব এলাহাবাদ হাই কৰ্টক।

৫. আইপিএলৰ পৰা বাহিৰ হ'ল চেন্নাই

২০২০ বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হ'ল চেন্নাই ছুপাৰ কিংছ। যোৱা ১৩ বছৰত প্রথমবাৰলৈ ইণ্ডিয়াম প্ৰিমিয়াৰ লীগৰ ৰেচৰ পৰা বাহিৰ হ'ল চেন্নাই। উল্লেখ্য যে, তিনি বাৰকৈ আইপিএলৰ চেম্পিয়ন হোৱা চেন্নাই ছুপাৰ কিংছে এইবাৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

৬. তিনিচুকীয়াত দা-তৰোৱাল লৈ বজৰং দলৰ বাইক ৰেলী

বিজয়া দশমীৰ দিনা হাতে হাতে দা-তৰোৱাল লৈ ভয়ংকৰ বাইক ৰেলী । বজৰং দলে উলিয়াই এই ভয়ংকৰ বাইক ৰেলী। বাইক ৰেলিত বাধা প্ৰদান কৰে আৰক্ষীয়ে । বজৰং দলৰ সদস্য সকল অনা-অসমীয়া লোক । তিনিচুকীয়াত সংঘটিত হয় এই ঘটনা ।

৭. বিজয়া দেশমীত কোভিড প্ৰট'ক'ল মানি বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন

সোমবাৰে বিজয়া দশমী। কোভিড প্ৰট'কল মানি চাৰিদিন পুজা অৰ্চনা কৰাৰ পিচত সোমবাৰে বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হয়। দেশৰ বিভিন্ন প্ৰান্তত বিসৰ্জন কৰা হয় সোমবাৰে মা দুৰ্গাৰ মূৰ্তি। অসমতো কোৰোনাৰ নীতি নিয়ম মানি সম্পন্ন কৰা হৈছে বিসৰ্জন প্ৰক্ৰিয়া।

৮. বাংলাদেশ চৰকাৰৰ ন' মাস্ক- ন' ছাৰ্ভিচ নীতি আৰম্ভ

বাংলাদেশ চৰকাৰে এই ক্ষেত্ৰত লৈ এক লক্ষ্যণীয় প্ৰদক্ষেপ। চৰকাৰে এক নীতি আৰম্ভ কৰিছে যাৰ নাম দিয়া হৈছে, ন মাস্ক-ন চাৰ্ভিছ। অৰ্থাৎ মাস্ক নহ'লে কোনো লোকে চৰকাৰ কোনো ধৰণৰ সেৱা গ্ৰহণ কৰিব নোৱাৰিব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বহা কেবিনেটে বাংলাদেশত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে লগতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, কোনো লোককে বিনা মাস্কত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব।

৯. কৃষক আইনৰ বিৰুদ্ধে ক্ষোভিত কৃষক ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছেঃ ৰাহুল গান্ধী

কৃষক আইনৰ বিৰুদ্ধে পঞ্জাৱৰ কৃষক সকলে নিৰন্তৰ বিদ্ৰোহ প্ৰদৰ্শন কৰি আছে। বিপক্ষ দল সমূহেও এই আইনৰ সম্পৰ্কত নিজৰ বিৰোধ স্থিতি বাহাল ৰাখিছে। প্ৰধানমন্ত্ৰী মোডী তেওঁলোকৰ কাষলৈ গৈ তেওঁলোকৰ কথা শুনাৰ প্ৰয়োজন আছে বুলি মন্তব্য ৰাহুল গান্ধীৰ। আইনখনৰ সম্পৰ্কত ৰাহুল গান্ধীয়ে টুইট কৰিছে যে, কালি পঞ্জাৱত এয়া হল। খুব দুখৰ কথা যে কৃষকসকল তেওঁৰ প্ৰতি ক্ষোভিত। প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ কথা শুনা উচিত আৰু তেওঁলোকক এটা পতিয়মান সমাধান দিয়া উচিত বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

১০. মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ আক্ৰান্ত হৈছে কোৰোনাত। সোমবাৰে তেওঁৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। তেওঁক বৰ্তমান ভৰ্তি কৰোৱা হৈছে মুম্বাইৰ এখন হস্পাতালত। শেহতীয়াকৈ তেওঁ টুইটাৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৰোনা টেষ্ট কৰাবলৈ আহ্বান কৰিলে। লগতে তেওঁ জনালে যে, তেওঁৰ স্বাস্থ্য বৰ্তমান যথেষ্ট ভাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in