পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০১৪০৭জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ৬৯৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০১৪০৭জনলৈ বৃদ্ধি পাইছে। আনহাতে, সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৫৩০জন লোক। এতিয়ালৈকে ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৭৩২১০জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ২৭৩১৯জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৮৭৫জন লোকে হেৰুৱাইছে প্ৰাণ।

২. দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, নেপালৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা দুজনক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে নেপালৰ পৰা দিল্লী এনচিআৰত ড্ৰাগছ সৰবৰাহ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে- নিৰজ কুমাৰ আৰু তেওঁৰ ভাতৃ শিৱ কুমাৰ। ক্ৰাইম ব্ৰাঞ্চে লগতে জব্দ কৰিছে প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ। যাৰ মূল্য লক্ষাধিক টকা।

৩. ৰাজস্থানৰ হাতত পৰাস্ত চেন্নাই

আইপিএলত সোমবাৰে চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামে ৰাজস্থান। চেন্নাইয়ে ৰাজস্থানৰ সন্মুখত ১২৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। যি লক্ষ্যত উপনীত হয় ৰাজস্থান। ৰাজস্থানে আৰু ১৫ টা ৰান বাকী থকোতেই চেন্নাইয়ে বান্ধি দিয়া লক্ষ্যত উপনীত হৈ জয় সাব্যস্ত কৰে।

৪. শীঘ্ৰেই বলবৎ হ'ব কাঃ জে পি নড্ডা

অতি শীঘ্ৰেই বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন। পুনৰ এই কথা দোহাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিৱেশে এই আইন বলবৎ কৰাত বিলম্ব হ'ল বুলি উল্লেখ কৰি অচিৰেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ'ব বুলি দোহাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। সোমবাৰে পশ্চিমবংগৰ শিলচৰত এক দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে জে পি নড্ডাই।

৫. পশ্চিমবংগত দুৰ্গা পূজাৰ পেণ্ডেলসমূহ দৰ্শনাৰ্থীসকলৰ বাবে কৰা হ'ব ন' এন্ট্ৰী জ'ন

পশ্চিমবংগত দুৰ্গা পূজাৰ পেণ্ডেলসমূহ দৰ্শনাৰ্থীসকলৰ বাবে ন' এন্ট্ৰী জ'ন কৰা হৈছে। কালকাতা উচ্চ ন্যায়ালয়ে সোমবাৰে কয় যে- 'পেণ্ডেলসমূহৰ ভিতৰত উপস্থিত থাকিব পাৰিব কেৱল পূজাৰ আয়োজকসকল। কোৰোনা মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি বৃহৎ পেণ্ডেলসমূহৰ ক্ষেত্ৰত উপস্থিত থাকিব পৰা লোকৰ সংখ্যা ২৫ আৰু সৰু পেণ্ডেলসমূহৰ ক্ষেত্ৰত ১৫জন লোকহে উপস্থিত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে।'

৬. ১৩ নবেম্বৰলৈ বন্ধ থাকিব চিনেমা হল

অহা ১৩ নবেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ চিনেমা হলসমূহ। সদৌ অসম ছবিগৃহ স্বত্বাধিকাৰী সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত লোৱা হৈছে সন্থাটোৰ আলোচনা মৰ্মে। ৰাজ্যৰ প্রায়বোৰ চিনেমা হলতে কৰ্তন কৰি ৰখা হৈছে বিদ্যুৎ সেৱা। ছবিগৃহ বন্ধ থকা সময়ৰ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ আহ্বান সন্থাৰ।

৭. মুখ্যমন্ত্ৰীৰ প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা জয়ন্ত মাধৱৰ দেহাৱসান

মুখ্যমন্ত্ৰীৰ প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা তথা অৰ্থনীতিবিদ জয়ন্ত মাধৱৰ বিয়োগ। তেওঁৰ বিয়োগত ৰাজ্যৰ ভিন্নমহলত গভীৰ শোকৰ ছাঁ। উল্লেখ্য যে, জয়ন্ত মাধৱ আছিল নেডফিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক। সোমবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১বছৰ। ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হব জয়ন্ত মাধৱৰ।

৮. ২১ অক্টোবৰত মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অহা ২১ অক্টোবৰ, ২০২০ৰ পৰা মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যান মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কহৰাৰ মিহিমুখত উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সকলো যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।

৯. মিজো আগ্ৰাসনৰ পাছত কৰিমগঞ্জত ১৪৪ ধাৰা জাৰি

মিজো আগ্ৰাসনৰ পিছত বিগত কেইবাটাও দিন উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ থকাৰ পাছত কৰিমগঞ্জত প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। জিলাখনৰ ছোটভূবি এলেকাত ১৪৪ ধাৰা জাৰি কৰিছ প্ৰশাসনে। লগতে মেদলিচৰাত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। উল্লেখ্য যে, এই ঘটনাৰ সন্দৰ্ভত সোমবাৰে উচ্চ পৰ্যায়ৰ বৈঠক সম্পন্ন হোৱাৰ সম্ভাৱনা।

১০. ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ বিজয়লক্ষ্মী ৰমাননৰ মৃত্যু

ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ ড০ বিজয়লক্ষ্মী ৰমানন (অৱসৰপ্ৰাপ্ত)ৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। ১৯৭২চনৰ ২২ অক্টোবৰত তেওঁ উইং কামাণ্ডাৰৰ পদবী লাভ কৰিছিল। আৰু ১৯৭৯ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in