পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ১৩৭জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৭৭জন কামৰূপ মেট্ৰ'ৰ, ৯জন নগাঁৱৰ, ৮জন নলবাৰীৰ আৰু ৬ জন বৰপেটাৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১২২৭১জনলৈ পাইছে বৃদ্ধি। ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৬৫জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২জন লোকৰ মৃত্যু হয়। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯০২জন ৰোগী।

২. চৰাইদেউ জিলাৰ অভয়পুৰত দেওবাৰে বিয়লি চৰাইদেউ জিলাৰ অভয়পুৰ অঞ্চলত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ২০ গৰাকী যাত্ৰী আহত হয় ৷ দুৰ্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱা লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ৷ গুৰুতৰভাৱে জখম হোৱা যাত্ৰীসকলক উন্নত চিকিৎসা ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগ নিৰ্দেশ দিছে ৷

৩. লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ তথা নাৰায়ণপুৰৰ সমীপৰ তৰাজুলীত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ তীব্ৰবেগী ড্ৰামপাৰে প্ৰাণ কাঢ়িলে এজনৰ ৷ থিতাতে নিহত হয় এজন বাইক আৰোহীৰ ৷ নিহত বাইক আৰোহীগৰাকী বগীৰাম বৰা(৪১) বুলি জানিব পৰা গৈছে ৷ বগীৰামৰ ঘৰ দ্ৰোপাঙত ৷ ইফালে এগৰাকী গুৰুতৰভাবে আহত হয় ৷ আহত ব্যক্তি জনৰ নাম পৰেশ শইকীয়া।উল্লেখ্য, তীব্ৰ বেগী ড্ৰাম্পাৰখনৰ নম্বৰ AS 07 AC 7987 আৰু বাইক খনৰ নম্বৰ হৈছে AS 07 E 7371।

৪.  চিবিআইয়ে আটক কৰিছে অশোক শইকীয়াক। এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰত আটক শইকীয়াক। ২০২/৯৮ নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ। এই গোচৰৰ তদন্তৰ দায়িত্ব ২০০১ত চিবিআই লৈ হস্তান্তৰ কৰা হৈছিল। চিবিআই ৰ কলকাতা শাখাত ৫/ই/২০০১ আৰু ৬/ই/২০০১ নম্বৰত গোচৰ ৰুজু। ২০১৩চনত ৬/ই/২০০১ গোচৰত দোষী সাব্যস্ত হৈছিল অশোক শইকীয়া। ৯ নৱেম্বৰত হাজিৰ হ'ব লাগিব চিবিআইৰ বিশেষ আদালতত। বেংকৰ বকেয়া ঋণ ২০১১ চনতে পৰিশোধ কৰিছো আৰু বেংকে এই বিষয়ত আদালতক জনোৱা নাছিল বুলি কয় অশোক শইকীয়াই। উল্লেখ্য যে, অশোক শইকীয়া প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ।

৫. লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বৃহত্তৰ খেৰাজখাট মৌজাৰ অগ্ৰণী ধৰ্মীয় অনুষ্ঠান মনিকাঞ্চন গীতা চক্ৰৰ উদ্যোগত স্থানীয় বৰপথাৰ-যমুনাখাত নামঘৰত বয়োজেষ্ঠ শিল্পীসকলৰ দ্বাৰা আয়োজন কৰা কৰ্ণ পৰ্ব ভাওনাই জয় কৰিলে সহস্ৰাধিক দৰ্শকৰ মন । সন্ধিয়া ৭ বজাত স্থানীয় বিধায়ক ড০ অমীয় কুমাৰ ভূঞাই উদ্বোধন কৰা ভাওনা ভাগত কেইবাগৰাকীও সত্তৰোৰ্ধৰ বয়োজেষ্ঠ শিল্পীয়ে প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ে সকলো শ্ৰেণীৰ দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়।

৬. শেহতীয়া ভাৱে দৰং জিলাত শিক্ষক নিযুক্তিৰ এক ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। "শিক্ষামিত্ৰ"ৰ পৰা শিক্ষক হোৱা সকলৰ বিৰুদ্ধে এই জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে। জিলা খনত এই শিক্ষকৰ ভয়ঙ্কৰ জালিয়াতি তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আনিছে "দূৰ্নীতি বিৰোধী যুৱশক্তি"অসম,দৰং জিলা সমিতিয়ে। ইতিমধ্যে এই ভয়ঙ্কৰ জালিয়াতিৰ তদন্তৰ বাবে দৰঙৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসম, দৰং জিলা সমিতিয়ে। উল্লেখযোগ্য যে, ২০০৪-০৫-০৬ চনত সৰ্বশিক্ষা মিচনে গঠন কৰিছিল "আমাৰ পঢ়াশালী" নামৰ এক শিক্ষানুষ্ঠান। 

৭. ২০২৫ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষৰ চাৰি খন দেশৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম হ'ব আৰু ভাৰতবৰ্ষৰ পিছতহে ড্ৰেগনৰ দেশ চীনৰ তালিকাত স্থান থাকিব লগতে আমেৰিকা, ৰাছিয়াৰ পিছতে ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিব। বিশ্বৰ ছয়খনকৈ দেশৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা দেশৰ বিশিষ্ট কুটনীতিবিদ ড° দীপক ভোৰাই আজি তেজপুৰত এই গুৰুত্বপুৰ্ন মন্তব্য কৰে । উল্লেখ্য যে, তেজপুৰ আগৰৱালা সমাজৰ উদ্যোগত তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত উত্তৰ অসম বণিক সন্হাৰ প্ৰেক্ষাগৃহত আজি ভাৰত বৰ্ষৰ প্ৰেক্ষাপটত ২০২৫ চনত পৃথিৱীৰ ভৱিষ্যত শীৰ্ষক বিষয়ত এক গাম্ভীৰ্যপুৰ্ন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

৮. ''মহিলাসকলক ধৰি ৰাখিব নোৱাৰিলে সমাজৰ চেতনাক ধৰি ৰাখিব নোৱাৰি । মহিলাসকলৰ আৰু নৱ প্ৰজন্মৰ অপৰিসীম শক্তি আছে । জাতীয় জীৱনক মহিলাসকলেহে ৰক্ষা কৰিব পাৰিব, পুৰুষসকলে নহয় ।" —এই মন্তব্য বিশিষ্ট গৱেষক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত 'আকাশ' উপ সমিতিৰ উদ্যোগত ৭ নৱেম্বৰত অনুষ্ঠিত বাৰ্ষিক অনুষ্ঠানত বিশিষ্ট আলহী হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ শৰ্মাই অসমীয়া সাহিত্যত উপন্যাসৰ ধাৰা মহিলাই কাঢ়ি লৈছে বুলিও উল্লেখ কৰে ।

৯. চৰাইদেউ জিলাৰ অভয়পুৰত দেওবাৰে বিয়লি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত প্ৰায় ২০ গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।এখন যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয় এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । AS-33 C-0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী এএছ ০৪ই ০২৭২ নম্বৰৰ একিন নামৰ যাত্ৰীবাহী বাছখনত সন্মুখৰ পৰা খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত চফ্ৰাই আৰক্ষী, সোণাৰি আৰক্ষী আৰু সেনাবাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ তৎপৰতাত আহতসকলক উদ্ধাৰ কৰি চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

১০. অসমৰ ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ তথা পুনৰুদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে জাৰ্মানীৰ এটা স্বেচ্ছাসেৱী সংগঠন ৷ গেদ্ৰা হেংকল ষ্টিফটুং নামৰ সংগঠন এটাৰ অৰ্থ সাহাৰ্যৰে পুনৰ নিৰ্মান কৰা হব মৰিগাঁও জিলাৰ মায়ঙৰ বৰমপুৰত ১৮ শ শতিকাত স্থাপন হোৱা এখন প্ৰাচীন সত্ৰৰ মণিকূট গৃহ। ১৮০০ শতিকাতে স্থাপিত শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱ সত্ৰৰ মণিকূট পুনৰ নিৰ্মানৰ কামৰ আজি আধাৰশিলা স্থাপন কৰা হয় ।যাদুৰ দেশ হিচাপে খ্যাত বৃহত্তৰ মায়ং তথা জাগীৰোড সমষ্টিৰ ঝাৰগাঁও বৰমপুৰত গাঁৱত অৱস্থিত সত্ৰ খন অৰ্থৰ অভাৱত জৰাজীৰ্ণ হৈ আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in