পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ২০৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২২৮জন গোলাঘাট, ২০৭জন কামৰূপ মেট্ৰ'ৰ, ১২২জন শিৱসাগৰৰ আৰু ১১৫জন লখিমপুৰৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৪০৪৫৩জনলৈ পাইছে বৃদ্ধি। বুধবাৰৰ দিনটোত অসমত আৰোগ্য হয় ২৬৫৫জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২২জন লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৬৫৩জন ৰোগী।

২. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠক। এই বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বুধবাৰে কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ ক্ৰমে- ৰাজ্যৰ চাহ বাগানসমূহত শীতকালত উৎপাদনকাৰ্য স্থিমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এম জি এনৰেগাৰ অধীনত চাহ শ্ৰমিকসকলক পুখুৰী খনন, পথ নিৰ্মাণ আদিত কৰ্মসংস্থাপন প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ এম জি এনৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ বাবে সাঁচি, চোমগছ আদি ৰোপণৰ পদক্ষেপ ল'বলৈ আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷

৩. গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হৰমিত সিং। এডিজিপি (সীমান্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল সিঙে। অতিৰিক্তভাৱে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব হৰমিত সিঙলৈ। মুন্না প্রসাদ গুপ্তাক 'তদাৰকী আৰু দুৰ্নীতি নিবাৰক'ৰ এডিজিপিৰ দায়িত্ব। গুৱাহাটী আৰক্ষী আয়ুক্তৰ দায়িত্বত আছিল মুন্না প্ৰসাদ গুপ্তা। এছবি আৰু এছটিএফৰ হীৰেণ নাথক নিৰাপত্তাৰ এডিজিপিৰ অতিৰিক্ত দায়িত্ব। ড০ এল আৰ বিষ্ণইক প্রশিক্ষণ, সশস্ত্র আৰক্ষীৰ অতিৰিক্ত দায়িত্ব। চিআইডিৰ আইজিপি সুৰেন্দ্র কুমাৰক আৰক্ষী আধুনিকীকৰণৰ আইজিপি হিচাপে বদলি। এ ৱাই ভি কৃষ্ণক চিআইডি এডিজিপি হিচাপে নিযুক্তি।

৪ দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ এজন গুপ্তচৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। হবিব খান নামৰ এই অভিযুক্তজনক দিল্লী আৰক্ষীয়ে ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জালত পৰা গুপ্তচৰজনে আইএছআইক বহু গোপনীয় তথ্য যোগান ধৰি আছিল। হবিব খানক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা এক বৃহৎ চোৰাংচোৱা নেটৱৰ্ক পোহৰলৈ আহিছে। খানৰ লগতে আন কেইজনমান লোককো আটক কৰা হৈছে। ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে ইতিমধ্যে হবিব খানক সোধাপোছা অব্যাহত ৰাখিছে। জানিব পৰা মতে এই গুপ্তচৰজন বীকানেৰৰ নিবাসী।

৫. অসমত শেহতীয়াকৈ সংঘটিত হোৱা এনকাউণ্টাৰৰ বিষয়ক লৈ সদনত বিতৰ্ক। বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ হুংকাৰ। ৰাজ্যৰ আইন ভংগ কাৰীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ নিৰ্দেশ আৰক্ষীক। আৰক্ষীয়ে নিজৰ কাম কৰক, সমালোচনা মই হজম কৰিম। বিহৰ দৰে সকলো পাণ কৰি যাম মই যাম। কোনো সমালোচনাই আমাক টলাব নৱাৰে। মই নীলকণ্ঠৰ দৰে সকলো বিষপান কৰিম। অসম আৰক্ষীক কাম কৰাত উৎসাহ জনাওক। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৬. গোলাঘাটত লকডাউন বৃদ্ধি। জিলাখনৰ উপায়ুক্তই এদিনৰ বাবে বৃদ্ধি কৰিলে জিলাখনৰ লকডাউন। সেই অনুসৰি ১৫ জুলাই, বৃহস্পতিবাৰেও সম্পূৰ্ণ ৰূপে বন্ধ থাকিব জিলাখন। অৱশ্যে লকডাউনৰ এই সময়চোৱাত জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হৈছে। লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে গেলামালৰ দোকান, শাক-পাচলি, ফল-মূল আদিৰ দোকান।

৭. সাংবাদিকসকলৰ পেঞ্চনৰ পৰিমান বৃদ্ধি। সাংবাদিকৰ পেঞ্চন ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক প্ৰদান কৰা হয় এই পেঞ্চন। স্বীকৃতি প্ৰাপ্ত সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ব্যয় বহন কৰিব চৰকাৰে। পৰৱৰ্তী সময়ত সাংবাদিকৰ সন্তানে ৰাজ্যিক ব'ৰ্ডৰ পৰীক্ষাৰ লগতে কেন্দ্ৰীয় ব'ৰ্ডৰ পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিলে প্ৰদান কৰিব ৩০ ৰ পৰা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য। এই বিষয়ে চিন্তা চৰ্চা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ এক প্ৰশ্নৰ উত্তৰত সদনত এই বিষয়ে উল্লেখ কৰিছে পীয়ুষ হাজৰিকাই।

৮. বিধানসভাত চৰকাৰৰ বিজ্ঞাপনক লৈ প্ৰশ্ন উত্থাপন বিধায়ক চৰণ বড়োৰ। বড়ো বাতৰি কাকতত চৰকাৰৰ বিজ্ঞাপন বিচাৰি প্ৰশ্ন উত্থাপন চৰণ বড়োৰ। এই মুহূৰ্তত তিনিখন বড়ো কাকতত চৰকাৰৰ বিজ্ঞাপন দি থকা হৈছে বুলি উত্তৰ প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। ১৩ খন অসমীয়া, ৯ খন ইংৰাজী, ৪খন হিন্দী, ৬ খন বাংলা কাকতত বৰ্তমান চৰকাৰী বিজ্ঞাপন দিয়া হয়। আনহাতে চৰণ বড়োৰ প্ৰশ্নৰ আঁত ধৰি বৰাকৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ বিধানসভাত বিশেষ মন্তব্য।

৯. যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। এই কথা নিজেই সদৰী কৰিলে অখিল গগৈয়ে। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে অখিল গগৈয়ে। চানমাৰি থানাত ৰুজু হৈ থকা গোচৰৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়কগৰাকী। বিধায়কগৰাকীয়ে বিচাৰিছে অসমবাসীৰ সহায়। নিয়াৰ আদালতে ভুৱা গোচৰ বুলি ৰায় দিয়া চানমাৰিৰ গোচৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি আছে প্ৰথম শুনানি। নিয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি কৰিছে আবেদন।

১০. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নাকফান এলেকাৰ ১১০ হেক্টৰ ভূমি অৰুণাচল প্ৰদেশে বেদখল কৰি গাঁ‌ও, চাহ বাগিচা, বন বিভাগৰ কাৰ্যালয় আদি স্থাপন কৰাৰ সন্দৰ্ভত অসমৰ বিভিন্ন সংবাদ মাধ্যমত চলিত সপ্তাহত সবিস্তাৰে প্ৰকাশ পোৱাত সম্প্ৰতি গৰজি উঠিছে বিভিন্ন দল-সংগঠন। অৰুণাচলীৰ এই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বুধবাৰে অৰুণাচলৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰৱল প্ৰতিবাদ। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in