পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি

ৰাজ্যত দেওবাৰে ১২২৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৩২৭জন কামৰূপ মেট্ৰ আৰু ১১৪জন যোৰহাটৰ। ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ দেওবাৰে সুস্থ হৈছে ১৭৯৫জন লোক। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ১২৭৩৩৫জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৭৮০জন ৰোগী। উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৫৬২জন লোকে হেৰুৱাইছে প্ৰাণ।

২. সোমবাৰৰ পৰা ৰাজ্যত খোলা হব বিদ্যালয়

২১ ছেপ্টেম্বৰত অসমত পুনৰ খোলা হব বিদ্যালয়সমূহ। বিদ্যালয়সমূহ খোলাৰ পূৰ্বে ছেনিটাইজ কৰা হৈছে। শিক্ষক-শিক্ষাৰ্থীসকলে মিলি পৰিস্কাৰ কৰিছে স্কুলসমূহ। উল্লেখ্য যে, নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকল যাব পাৰিব বিদ্যালয়লৈ। চৰকাৰে জাৰি কৰা গাইডলাইন অনুসৰি এই খোলা হব বিদ্যালয়সমূহ।

৩. মই নাভাবো চৰকাৰে কৃষক ৰাইজৰ ক্ষতি হোৱা কাম কৰিবঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰাজ্যসভাত কৃষি ক্ষেত্ৰৰে জড়িত বিধেয়ককলৈ হৈ চৈ লগাই বিৰোধীয়ে। এই ঘটনাক লৈ নিন্দা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজস্তান সিঙে কয় যে, আজিৰ দিনটোত যি হল সেয়া সংসদৰ গৰিমাত হানি পেলাইছে। লগতে তেওঁ কয় যে, মই নাভাবো যে চৰকাৰে কেতিয়াও কৃষক ৰাইজৰ ক্ষতি হোৱা কাম কৰিব।

৪. আইপিএলৰ দ্বিতীয়খন মেচঃ দিল্লীৰ হাতত পৰাস্ত পঞ্জাৱ

আইপিএল ২০২০ৰ দ্বিতীয়খন মেচত খেলপথাৰত কিংছ ১১ পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হনয় দিল্লী কেপিটেলছ। দেওবাৰৰ মেচখনত ছুপাৰ অভাৰৰ দ্বাৰাহে খেলৰ ফলাফল জানিব পৰা যায়। এই ছুপাৰ অভাৰত দিল্লীৰ হাতত পৰাস্ত হয় পঞ্জাৱ।

৫. অহা মাহত ঘোষণা কৰা হব উপ পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ নতুন তাৰিখ

২০ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে বাতিল কৰা হ'ল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা। ৰাজ্যৰ ১৫৪টা পৰীক্ষা কেন্দ্ৰত ৫৯৭টা পদৰ বাবে লক্ষাধিক যুৱক-যুৱতী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তৰ বাবেই হোৱা এই পৰীক্ষা বাতিল কৰা হয়। অহা মাহত উপ পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন তাৰিখ ঘোষণা কৰা হ'ব।

৬. নতুন দিল্লীৰ অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

নতুন দিল্লীৰ অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । উপস্থিত আছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ উত্তৰ পুৱৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ , অসমৰ মু্খ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ । বৈঠকৰ অন্তত সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মন্ত্ৰী শৰ্মাই কয় " বি টি আৰ চুক্তি, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ , এন আৰ চি আৰু অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰা হৈছে ।বড়ো চুক্তি ৰুপায়ন কৰাৰ ওপৰত আলোচনা হৈছে, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে মিলি কাম কৰা হব ।

৭. বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰীৰ দেহাৱসান

বিশিষ্ট গণ শিল্পী বিভুৰঞ্জন চৌধুৰী আৰু নাই। ২০ ছেপ্টেম্বৰৰ আৱেলি গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে। অসমৰ বাওপন্থী আন্দোলনৰ অসমৰ সাংস্কৃতিক দিশত অন্যতম শিল্পী আছিল বিভুৰঞ্জন চৌধুৰী। ভাৰতীয় গণনাট্য সংঘৰ এসময়ত নেতৃত্বত আছিল বিভুৰঞ্জন চৌধুৰী।  তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰে।

৮. কোৰোনাৰ বিৰুদ্ধে জয়ী হল মহাৰাষ্ট্ৰৰ ১০৬ বছৰীয়া এগৰাকী আইতা

মহাৰাষ্ট্ৰৰ ঠানে জিলাত ১০৬ বছৰীয়া এগৰাকী বৃদ্ধা জয়ী হৈছে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে। দেওবাৰে চিকিত্সালয়ৰ পৰা ঘৰলৈ উভতি আহে আইতাগৰাকী। হাস্পতালত ১০ দিন থকাৰ পাছত বৃদ্ধাগৰাকী সুস্থ হোৱা বুলি জনাৰ পাছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ডংগীৱালীত বাস কৰে তেওঁ।

৯. নতুন ৰাজনৈতিক দল এজেপিৰ স্থায়ী ঠিকনা আমবাৰীৰ লেম্বৰোডত

ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল এজেপিৰ স্থায়ী ঠিকনা হল। আমবাৰীৰ লেম্বৰোডত মুকলি কৰা হল এজেপিৰ মুখ্য কাৰ্যালয়। দলটোৱে লগতে আয়োজন কৰিছে যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বসন্ত ডেকাৰ লগতে ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা।

১০. গোলাঘাটত ৰেল পথত উদ্ধাৰ মৃতদেহ

গোলাঘাট জিলাৰ সৰুপথাৰ ৰেল আলিত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ সৰুপথাৰ ৰেলষ্টেচনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰ আৰু মুখমণ্ডলত আঘাটৰ চিন দেখা পোৱা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী আৰু ৰেলৱে বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in