পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৪৮৯৬৮জনলৈ বৃদ্ধি

ৰাজ্যত বুধবাৰে আকৌ ২৩৯৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৮৯৬৮জনলৈ বৃদ্ধি পাইছে। ইফালে, বুধবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত ২৪৬৪জন লোক সুস্থ হৈছে। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১১৯৩৬৪জনলৈ বৃদ্ধি পাইছে। আৰু চিকিৎসাধীন হৈ আছে ২৯০৯১জন ৰোগী। আনহাতে, কোভিডত আক্ৰান্ত হৈ ৫১১জন লোকৰ হৈছে মৃত্যু।

২. টাটা প্ৰজেক্টে নিৰ্মাণ কৰিব নতুন পাৰ্লিয়ামেন্ট বিল্ডিং

নতুন পাৰ্লিয়ামেন্ট বিল্ডিং নিৰ্মাণ কৰিব টাটা প্ৰজেক্টে। ৮৬১.৯০ কোটি টকা ব্যয় কৰা হব এই নিৰ্মাণ কাৰ্যত। নতুন সদন বিল্ডিং নিৰ্মাণ কাৰ্য এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। চিপিডব্লিউডিয়ে নতুন ব্লিডিংটো নিৰ্মাণৰ ক্ষেত্ৰত ৯৪০ কোটি টকা ব্যয় হব পাৰে বুলি অনুমান কৰিছে।

৩. কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী কোৰোনাত আক্ৰান্ত

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। টুইটাৰযোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, নীতিন গাডকাৰীৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছিল কোৰোনা ভাইৰাছত। টুইটাৰত নীতিন গাডকাৰীয়ে লিখিছে যে, মোৰ স্বাস্থ্য পৰীক্ষা কৰোতে কোৰোনাৰ উপস্থিত ধৰা পৰিছে। মই নিজকে আইছলেশ্যনত ৰাখিছো।

৪. বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্বকৰ্মা পূজা

বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰা হব বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰ বিশ্ব কৰ্মাৰ পূজা কোৰোনা মহামাৰীৰ মাজতে পালন কৰা হব অনুষ্টুপীয়াকৈ। অসম চৰকাৰে দিয়া গাইড লাইন অনুসৰি, এটা সময়ত পেণ্ডেলত ৩০জন লোকহে উপস্থিত থাকিব পাৰিব।

৫. অন্ধ্ৰপ্ৰদেশত আৰক্ষী থানাৰ সন্মুখত এজন লোকে জ্বলাই দিলে এম্বুলেন্স

অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত বুধবাৰে আৰক্ষী থানাৰ সন্মুখত এজন ব্যক্তিয়ে জ্বলাই দিয়ে এখন এম্বুলেন্স। এম্বুলেন্সখন জ্বলাই দিয়াৰ পাছতে লোকজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা লোকজন অপৰাধমূলক কাৰ্যৰে পূৰ্বৰে পৰা জড়িত।

৬. অসমত কোৰোনা যুঁজত জয়ী হৈ ঘৰলৈ উভতিল ১০১ বছৰীয়া আইতা

কোভিডত আক্ৰান্ত হোৱা ১০১ বছৰীয়া আইতা মাই সান্দিকৈয়ে কোভিডত আক্ৰান্ত হৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । বুধবাৰে আইতা গৰাকীৰ শ্বাব টেষ্টৰ ফলাফল নিগেটিভ আহে । আইতা গৰাকীক বুধবাৰে চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতে ।

৭. বাবৰি মছজিদ ধ্বংস গোচৰত ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে

বাবৰি মছজিদ ধ্বংস গোচৰত লক্ষ্ণৌত চিবিআইৰ স্পেচিয়েল ক'ৰ্টে ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব। ন্যায়ালয়ে এই গোচৰত ৩২জন মুখ্য অভিযুক্তক শুনানি গ্ৰহণৰ দিনা হাজিৰ থাকিবলৈ নিৰ্দেশ দিছে। অভিযুক্তসকলৰ ভিতৰত আছে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, ওমা ভাৰতী, মুৰুলী মনোহৰ যোশী আৰু কল্যাণ সিং।

৮. জাপানৰ নতুন প্ৰধানমন্ত্ৰী য়শ্বিহাইড ছুগা

জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচনত হয় য়শ্বিহাইড ছুগা। পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বিন্জো এবেয়েৰ ৮ টা বছৰৰ কাৰ্যকালৰ অন্তত কৰা পদত্যাগৰ পিছত জাপানৰ সংসদে নিৰ্বাচন কৰে এজন নতুন প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে য়শ্বিহাইদ ছুগায়ে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰুপে কাৰ্যনিৰ্বাহ কৰিছিল।

৯. বিশ্বকৰ্মা পূজা আৰু দুৰ্গোৎসৱ আয়োজনত গোৱালপাৰা জিলা প্ৰশাসনৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি

কোৰোনা মহামাৰীৰ মাজতে পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। চৰকাৰী নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ খনিকৰ বিশ্বকৰ্মা পূজা আৰু আগন্তুক দুৰ্গোৎসৱৰ আশাংকিত মহামাৰিৰ সামাজিক সংক্ৰমনক ব্ৰেক ডাউন কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনেও ১৪৪ ধাৰা চি আৰ, পি চিৰ অধীনত বৃহস্পতিবাৰৰ বিশ্বকৰ্মা আৰু আগন্তুক দুৰ্গা পূজা উদযাপনত কিছু কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

১০. নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীৰ

নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু । লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য বিচাৰি ওলাই আহিছিল হাতীটো । ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু । বিদ্যুৎস্পৃষ্ট হৈ সমীপৰ এটা পুখুৰীত পৰি যায় হাতীটো । প্রায় ৭জনীয়া হাতীৰ এটা দল ওলাই আহিছিল অভয়াৰণ্যৰ পৰা । নগাঁও জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ অভিযোগ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in