পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১৯৯৫৮জনলৈ বৃদ্ধি

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৯৯৫৮জনলৈ বৃদ্ধি। শনিবাৰে সুস্থ হয় অসমত ৭৯জন লোক। এতিয়ালৈকে আৰোগ্য লোকৰ সংখ্যা ২১৫৯০৭জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত দুজনৰ কোভিডত মৃত্যু।  এতিয়ালৈকে কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১১৭জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ১৫৮৭জন ৰোগী।

২. আইপিএলৰ দ্বিতীয়খন মেচঃ চেন্নাইক পৰাস্ত কৰিলে দিল্লীয়ে

শনিবাৰে আইপিএল টি-২০ মেচত চেন্নাইক পৰাস্ত কৰে দিল্লীয়ে। তিনিটাকৈ উইকেট হেৰুওৱাই লক্ষ্যত উপনীত হয় দিল্লী। চেন্নাইয়ে ১৮৯ ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লীৰ সন্মুখত। মাত্ৰ ১৮.৪ অভাৰত দিল্লীয়ে চেন্নাইক পৰাস্ত কৰিবলৈ সক্ষম হয়। শেখৰ ধাৱনে অপেনিঙত বেটিং কৰিবলৈ গৈ ৮৫ ৰান সংগ্ৰহ কৰে। ইফালে, পৃথ্বী শ্ব'ৱে সংগ্ৰহ কৰে ৭২ ৰান। ৩টা উইকেট হেৰুৱাই দিল্লীয়ে সংগ্ৰহ কৰে ১৯০ ৰান।

৩. ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ কাউন্সিলৰ নিৰ্বাচন, টিাইপিআৰএৰ জয়ী ১৮ আসনত

 শেহতীয়াকৈ ত্ৰিপুৰাত অনুষ্ঠিত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অটনমাছ ডিষ্ট্ৰিক কাউন্সিলৰ নিৰ্বাচনত সদ্যগঠিত ত্ৰিপুৰা ইনডিজেনাছ প্ৰগেছিভ ৰিজিয়নেল এলায়েন্স চমুকৈ টিআইপিআৰএ-য়ে ২৮খন আসনৰ ভিতৰত ১৮খনতে জয়ী হৈছে। এই নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপিয়ে কেৱল ৯খন আসনতে জয় লাভ কৰিবলৈ সক্ষম হয়। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৩০ জনীয়া এই কাউন্সিলৰ আন দুখন আসনৰ বাবে ৰাজ্যপালে সদস্য প্ৰণোনয়ন কৰিব।

৪. উত্তৰপ্ৰদেশৰ ইটাৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১০জন যাত্ৰী

উত্তৰপ্ৰদেশৰ ইটাৱাত শনিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১০জনকৈ লোক নিহত হৈছে। ইফালে, গুৰুতৰভাৱে আহত হৈছে প্ৰায় ২০জন লোক। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আগৰাৰ পৰা ডিচিএম বাহনত লখনা দেৱী মন্দিৰলৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। জানিব পৰা মতে, বাহনখনত আছিল প্ৰায় ৬০ৰ পৰা ৭০জনকৈ তীৰ্থ যাত্ৰী। বাহনখন মন্দিৰটোৰ অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুওৱাই প্ৰায় ২৫ ফুট দ' খাৱৈত বাগৰি পৰে। 

৫. ১৮ বছৰ উৰ্ধৰ লোকে ইচ্ছানুযায়ী গ্ৰহণ কৰিব পাৰিব যিকোনো ধৰ্ম

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এখন বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ে কয় যে, ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নিজৰ ইচ্ছানুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে,উচ্চতম ন্যায়ালত অন্ধবিশ্বাস, তন্ত্ৰ-মন্ত্ৰ, বলপূৰ্বক ধৰ্মান্তকৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী কৰি এখন বিশেষ আবেদন দাখিল কৰিছিল।

৬. জনপ্ৰিয় অভিনেতা সতীশ ক'লৰ মৃত্যু

কোৰোনাত আক্ৰান্ত হৈ অভিনেতা সতীশ ক'লৰ মৃত্যু। ৭৮ বছৰ বয়সত মৃত্যু আকোৱালিলে অভিনেতাগৰাকীয়ে। বৃহস্পতিবাৰে শাৰীৰিক অসুস্থতাৰ বাবে শ্ৰীৰামা চিত্ৰবল হাস্পতালত অভিনেতা গৰাকীক ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত কোভিড টেষ্ট কৰাত অভিনেতা গৰাকীৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰে। অৱশেষত শনিবাৰে অভিনেতা গৰাকীয়ে ইহলীলা সম্বৰণ কৰে। অভিনেতা গৰাকীয়ে টেলিভিচনৰ জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত' ত ইন্দ্ৰ দেৱতা চৰিত্ৰত অভিনয় কৰিছিল।

৭. মহানগৰীৰ এগৰাকী শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত হৈ মৃত্যু

মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু। মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি। মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰী গৰাকী। শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত আতংক বিদ্যালয় শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থী। ৫ এপ্ৰিললৈ বিদ্যালয়ত পাঠদান আগবঢ়াইছিল শিক্ষয়িত্ৰীগৰাকীয়ে। শুকুৰবাৰে গুৱাহাটীৰ হেলথ্ চিটি হস্পিটেলত মৃত্যু হয় শিক্ষয়িত্ৰী গৰাকীৰ। শিক্ষয়িত্ৰী গৰাকীৰ স্বামী আৰু সন্তানো আক্ৰান্ত হৈছে কোৰোনাত।

৮. ৰাজ্যত আকৌ ৪টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ

ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ। ২০ এপ্ৰিল অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণ। ৰাতাবাৰী, সোনাই আৰু হাফলঙৰ ২ টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ। ৰাতাবাৰীৰ ১৪৯ নং ইন্দিৰা এম.ভি. স্কুল হ'ব ভোট গ্ৰহণ। সোনাইৰ ১০৯ নং কেন্দ্ৰত হ'ব ভোটগ্ৰহণ। হাফলঙৰ খোঠলিৰ এল.পি. স্কুল আৰু মোৱালদাম এল. পি. স্কুলৰ কেন্দ্ৰত হ'ব ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটগ্ৰহণ।

৯. কামাখ্যা মন্দিৰলৈ গ'লে কৰিব লাগিব কোৰোনা টেষ্ট

কামাখ্যাধাম দৰ্শনলৈ গ'লে পুনৰ কৰিব লাগিব কোৰোনা টেষ্ট। পুনৰ কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। সকলো দৰ্শনাৰ্থীয়ে কৰিব লাগিব এন্টিজেন টেষ্ট। শক্তিপীঠ কামাখ্যাৰ পুৰহিতসকলেও কৰিব লাগিব কভিড টেষ্ট।

১০. হুগলীত সংবাদমাধ্যমৰ বাহনত আক্ৰমণ

পশ্চিম বংগত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা। সংবাদমাধ্যমৰ বাহনতো আক্ৰমণ দুবৃৰ্ত্তৰ। হুগলীত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা। সংবাদমাধ্যমৰ কেইবাখনো গাড়ীত আক্ৰমণ দুৰ্বৃত্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in