পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত ২১৭৭৮০জনলৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি

অসমত আকৌ ১৪ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৭৮০জনলৈ পাইছে বৃদ্ধি। শনিবাৰে ৰাজ্যত সুস্থ হয় ২২জন লোক। অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫০৬৩জন লোক। ইফালে, এজনৰ মৃত্যু হোৱাৰ পাছত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০৯৮জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ২৭২জন ৰোগী।

২. দেওবাৰে অসমত আহি উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

১৪ মাৰ্চত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,১৫ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, আৰু শিৱৰাজ সিং চৌহান অসমত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । আনহাতে ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত আহি মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা আৰু নাজিৰাৰৱ প্ৰাৰ্থী ময়ূৰ বুঢ়াগোহাইৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

৩. জনপ্ৰিয় বলিউড অভিনেতা আশীষ বিদ্যাৰ্থী কোভিড-১৯ত আক্ৰান্ত

কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আশীষ বিদ্যাৰ্থী । ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে । শনিবাৰে কোৰোনাত আক্ৰান্ত হয় অভিনেতা গৰাকী । দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হয় অভিনেতা গৰাকী ।

৪. দেওবাৰে ঘোষণা কৰা হ'ব বিজেপিৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা

দেওবাৰ অৰ্থাৎ ১৪ মাৰ্চ, ২০২১ত ঘোষণা হ'ব বিজেপিৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা। দিল্লীত ১৯ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কা হৈছে। ৰঞ্জিত দাসে দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকাখন।

৫. কংগ্ৰেছৰ পৰা বহিষ্কাৰ দুজনক

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা দুজন পিচিচি আৰু বিচিচি কাৰ্যবাহীক বহিষ্কাৰ। অসম পিচিচিৰ সচিব বাবুল সোণোৱাল আৰু ধেমাজি টাউন বিচিচিৰ সভাপতি মানৱ দত্তক বহিষ্কাৰ। এক জাননী যোগে এই কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অভব্য আচৰণ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

৬. ভোকিড টীকা ল'লে মায়াৱতীয়ে

বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীক কোভিড ভেকচিন প্ৰদান। লক্ষ্ণৌৰ এখন ব্যক্তিগত হাস্পতালত প্ৰদান কৰা হয় এই ভেকচিন। দৰিদ্ৰ শ্ৰেণীৰ লোকক বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান মায়াৱতীৰ। লগতে সকলোকে কোভিড ভেকচিন ল'বলৈ অনুৰোধ জনায় তেওঁ।

৭. বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ সাহিত্য বঁটা-২০২১

পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,বিশিষ্ট সাহিত্যিক ভৱানীপ্ৰসাদ অধিকাৰীলৈ অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা আগবঢ়োৱা হৈছে । নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাওঁত জন্ম গ্ৰহণ কৰা অধিকাৰীয়ে পঢ়াশলীয়া দিনৰে পৰা নিৰবিচিন্নভাবে সাহিত্য চৰ্চা কৰি আছে ।

৮. ইছৰ'ৰ ছাউণ্ডিং ৰকেট উৎক্ষেপণ

ইছৰ'ই শুকুৰবাৰে সতীশ ধাৱন মহাকাশ কেন্দ্ৰ (এছডিএছচি), শ্ৰীহৰিকোটা ৰেঞ্জ (এছএআৰ)ত কৰা নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চাউণ্ডিং ৰকেট (আৰএইচ-৫৬০) উৎক্ষেপণ কৰে। শ্ৰীহৰিকোটাৰ এছডিএছচি এছএআৰত নিৰপেক্ষ বতাহ আৰু প্লাজমা গতিশীলতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চাউণ্ডিং ৰকেট (আৰএইচ-৫৬০) মুকলি কৰাৰ কথা শনিবাৰে ইছৰোৰে টুইটাৰ যোগে সদৰি কৰে।

৯. মূল্যবৃ্দ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ । কৰ্ণাটকৰ শিৱমেগাত এক প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছে । সমদলত কৰ্ণাটকৰ ৰাজ্যিক কংগ্ৰেছ সভাপতি ডিকে শিৱমোগা আৰু বিৰোধী নেতা সিদ্ধাৰামাইয়া প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় । বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ ।

১০. জ্বলি উঠিল শতাব্দী এক্সপ্ৰেছ

দিল্লী-ডেৰাডুন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড । ৰেল খনৰ চি৪ কম্পাৰ্টমেন্টত সংঘটিত হয় অগ্নিকাণ্ড । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ । কানছেৰোৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি আৰক্ষীয়ে জানিব দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in