পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শিৱসাগৰ জিলাৰ জয়সাগৰ স্থিত ডিমৌ পথাৰত ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত ১৪৫ বিঘা মাটিত গ্ৰহণ কৰা কঠিয়া সিঁচা কাৰ্যসূচীৰ অনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

২. কাজিৰঙাত পোন প্ৰথম বাৰৰ বাবে সংস্থাপন কৰা হ'ল যান বাহনৰ গতিবেগ নিৰীক্ষণ যন্ত্ৰ। প্ৰতিবছৰে বানপানীৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ নিৰাপদ আশ্ৰয়ৰ বাবে কাৰ্বিপাহাৰলৈ গতি কৰা আৰু তীব্ৰবাগী বাহনৰ খুন্দাত মৃত্যুবৰণ কৰিবলগীয়া হোৱা হোৱা বন্যজীৱকুলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৩৭নং ঘাইপথ সমূহত স্থাপন কৰিলে যান-বাহন গতিবেগ নিৰীক্ষণ যন্ত্ৰ।

৩. অসম চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত মন্ত্ৰী অশোক সিংঘলৰ নেতৃত্বত গঠন কৰা সমিটিয়ে যি নিৰ্দেশনা ঘোষণা কৰিছে সেই সন্দৰ্ভত শনিবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বটদ্ৰৱা সমষ্টিৰ দলংঘাট ব্লক সমিতিৰ মহিলা সকলে কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই কয় যে, "প্ৰকৃত অৰ্থত গ্ৰামাঞ্চলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়াল ঋণমুক্তিৰ পৰা বঞ্চিত হ'ব।

৪. অসমত পুনৰ ৩৪৬৩ জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ২৬৭ জন শোণিতপুৰৰ, ২৬৪ জন কাছাৰৰ, ২৪৬ জন কামৰূপ মহানগৰীৰ আৰু ২১২ জন তিনিচুকীয়াৰ। এতিয়ালৈকে ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০ জনলৈ বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৫৬০০ জন লোক।

৫. মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে সুখবৰ।অচিৰেই তেওঁলোকে লাভ কৰিব তিনি মাহৰ দৰমহা। এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰী কৰিছে এই কথা। উল্লেখ্য যে, এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।

৬. শুকুৰবাৰে নিশা মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চাৱাজপুৰ গাঁৱত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত দহ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, শুৰুৰবাৰে নিশা আনুমানিক ৯ মান বজাত উত্তৰ চাৱাজপুৰ গাঁৱৰ বাসিন্দা ক্ৰমে ফকৰউদ্দিন আৰু আমিৰ হুছেইনৰ ঘৰত শ্বৰ্টচাৰ্কিটৰ ফলত জুইয়ে আগুৰি ধৰে । বিদ্যুৎৰ ওয়েৰ ফাটি জুইয়ে আগুৰি ধৰাত দুয়োটা বাসগৃহ অগ্নিয়ে গ্ৰাস কৰি লয়।

৭. কলিয়াবৰ মহকুমাৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বিয়লি এখন বলেৰ' গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ লগতে মূল্যবান আগৰ কাঠৰ টুকুৰা উদ্ধাৰ কৰা হৈছে। মিছা আৰক্ষীৰ তালাচীৰ সময়তে হোজাইৰ পৰা দেৰগাও অভিমুখী এ এছ ০৩ এ এ ০২৪৪ নম্বৰৰ ব'লেৰ" বাহনখনৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰ লগতে মূল্যবান আগৰ কাঠখিনি। জানিব পৰা মতে উদ্ধাৰ হোৱা টকাৰ মুঠ পৰিমাণ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা।

৮. আমেৰিকাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিক মেঘা ৰাজাগোপালন আৰু নীল বেদীয়ে। উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্বাৱনী মূলক অনুসন্ধানমূলক এক প্ৰতিবেদনৰ বাবে মেঘা ৰাজাগোপালনে লাভ কৰিছে এই বিশেষ সন্মান।

৯. পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত শ্বহীদ হৈছে দুগৰাকী আৰক্ষী জোৱান আৰু দুগৰাকী সাধাৰণ নাগৰিক। আনহাতে গুৰুত্বপূৰ্ণভাৱে আহত হৈছে দুগৰাকী আৰক্ষী জোৱান। আহত আৰক্ষী জোৱান দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

১০. খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যু। শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ। চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। তেখেতৰ মননশীল লিখনিৰ আছে বহু অনুৰাগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in