পুৰণিগুদামত জন্মদাত্ৰী মাতৃক পাষণ্ড পুত্ৰৰ অত্যাচাৰ

পুৰণিগুদামত জন্মদাত্ৰী মাতৃক পাষণ্ড পুত্ৰৰ অত্যাচাৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত পুনৰ সন্তানে মাতৃক অৱহেলা কৰাৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ পুৰণিগুদামৰ নলবৰা গাঁৱৰ যতীন চন্দ্ৰ বৰা নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিছে ডিম্বেশ্বৰী বৰা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। নিজ পুত্ৰ যতীনৰ বিৰুদ্ধে বৃদ্ধাগৰাকীয়ে চামগুৰি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে।

এজাহাৰত উল্লেখ কৰা অনুযায়ী কিছুদিন পূৰ্বে পুত্ৰ যতীনে মাতৃ ডিম্বেশ্বৰীক নিশাৰ ভাগত ঘৰৰ পৰা অকথ্য নিৰ্যাতন চলাই বাহিৰ কৰি দিছিল। পুত্ৰৰ এনে কাণ্ডৰ পিছত বৰ্তমান আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে পুত্ৰৰ হাতত নিৰ্যাতিত বৃদ্ধাগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ২৮ আগষ্টতে চামগুৰি আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল নগাঁও অতিৰিক্ত উপায়ুক্তই। এই সন্দৰ্ভত মহিলা আয়োগতো ৰুজু হৈছিল গোচৰ। নিজ পুত্ৰৰ বিৰুদ্ধে আইন-আদালতৰ কাষ চাপি এতিয়া এনেদৰে ন্যায়ৰ বাবে বাট চাই ৰৈছে বৃদ্ধাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in