শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন

65

ডিজিটেল সংবাদ, চামগুৰিঃ শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিলে শিল্পী দিৱস। নগাঁৱৰ পুৰণিগুদামত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। পুৰণিগুদাম শতদল শাখা সাহিত্য সভাই পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত বন্তি প্ৰজ্জ্বলনেৰে শিল্পী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উক্ত কাৰ্যসূচীত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ গোস্বামী আৰু নব নিৰ্বাচিত সভাপতি পুলিন হাজৰিকাকে প্ৰমূখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে পুৰণিগুদামৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমেও শিল্পী দিৱস উদযাপন কৰে। অংগাভিনয় অসমৰ মুখ্য পৰিচালিকা বনশ্ৰী শৰ্মা কলিতাই বন্তি প্ৰজ্জ্বলন কৰাৰ পাছতেই অংগাভিনয় অসমৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে বন্দনা কৌশিক, প্ৰগতি বৰুৱা, চন্দনা বৰাকে আদি কৰি ছাত্ৰ-ছাত্ৰী সকলে কেইবাটাও বৈপ্লৱিক গীতত নৃত্য পৰিৱেশন কৰি প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনফালে পুৰণিগুদাম হালোৱাগাৱঁতো নতুনকৈ আত্মপ্ৰকাশ কৰা ‘লেছেৰি সাংস্কৃতিক” গোষ্ঠীয়েও শিল্পী দিৱস উদযাপন কৰে। প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰাৰ অন্তত কণ ছাত্ৰ-ছাত্ৰী সকলে গীত আৰু নৃত্য পৰিৱেশন কৰে বুলি লেছেৰি সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সঞ্চালক জয়ন্ত বৰা আৰু বিষয়ববীয়া ৰাজীৱ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি