পুৰণিগুদাম জলাহগাৱঁত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ প্ৰস্তুতি

পুৰণিগুদাম জলাহগাৱঁত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,চামগুৰি : কোভিড প্ৰটকল ৰক্ষা কৰি বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ সীমিত ৰূপত এইবাৰ আয়োজন চলিছে ৰাস উৎসৱৰ ।চৰকাৰে জাৰি কৰা সম্পূৰ্ণ কোভিড প্ৰটকল মানি নগাঁৱৰ পুৰণিগুদাম জলাহগাৱঁৰ ৰাইজ সাজু হৈছে ৰাস উৎসৱ উদযাপনৰ বাবে ।ইতিমধ্যে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা চিকিৎসকৰ দলে উদযাপন সমিতি,কলা-কুশলী সকলোকে কোভিড ১৯ পৰীক্ষা সম্পন্ন কৰে ।

অহা ৩ আৰু ৪ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাস উৎসৱত ৩ তাৰিখে পুৱাৰে পৰা ক্ৰমে উষা কীৰ্তন,ধৰ্মধব্বজা উত্তোলন,ভাগৱত ভ্ৰমণ,নাম প্ৰসংগ,গায়ন-বায়ন আদি অনুষ্ঠিত হোৱাৰ পাছতেই নিশা ৯বজাত নাৰায়ন বৰাৰ পৰিচালনাত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হব বুলি ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুনীল শইকীয়া আৰু অসীম শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে ।আনহাতে এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাত শ্ৰীকৃষ্ণ ভাও প্ৰিয়া শইকীয়া আৰু দিশা শইকীয়াই নিবেদন কৰাৰ লগতে ৰাধাৰ ভাও তৃষ্ণা হাতী বৰুৱা ,শংক্ষচূড়ৰ ভাও হিমাদ্ৰী শইকীয়াই  নিবেদন কৰিব লগতে বহু কেইগৰাকী কলা-কুশলীয়ে অন্যান্য ভাও নিবেদন কৰিব ।

ইয়াৰোপৰি ৪ডিচেম্বৰ তাৰিখে নিশা ৯বজাত সূত্ৰধাৰ অজিত শইকীয়া,গুণাৰাম শইকীয়া,বায়ন ধৰণী শইকীয়া,ভাস্কৰ শইকীয়া আৰু প্ৰসন্ন শইকীয়াৰ পৰিচালনাৰে অংকীয়া ভাওনা "বঘাসুৰ বধ" মঞ্চস্থ হব ।যি খন অংকীয়া নাটকত প্ৰায় ৩৫গৰাকী কলা-কুশলীয়ে ভাও নিবেদন কৰিব ।  যাৰ বাবে এতিয়া জলাহগাৱঁৰ নামঘৰত দিনে-নিশাই ৰাস আৰু ভাওনাৰ আখৰাত যুৱক-যুৱতী-মহিলা সকলো ব্যস্ত হৈ পৰিছে ।

অৱশ্যে পূৰ্বৰ বছৰ সমূহত ঐতিহ্যমণ্ডিত ৰাসখনত ২০০ গৰাকী গোপীয়ে নৃত্য কৰাৰ পৰিবৰ্তে এইবাৰ কোভিডৰ বাবে মাথোঁ ৫০ গৰাকী যুৱতী-মহিলাকহে নৃত্য কৰিবলৈ চৰকাৰী নীতি-নিয়ম মানি অনুমতি দিছে উদযাপন সমিতিয়ে  ।উল্লেখ্য যে উদযাপন সমিতিয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস চাবলৈ অহা প্ৰতিগৰাকী দৰ্শককে চৰকাৰে জাৰি কৰা কোভিড বিধি মানিহে ৰাস দৰ্শন কৰিবলৈ আহ্বান জনাইছে।     

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in