পুৰণিগুদামত যুৱতীৰ দলে প্ৰদৰ্শন কৰিলে ঢোলবাদন, VIDEO

পুৰণিগুদামত যুৱতীৰ দলে প্ৰদৰ্শন কৰিলে ঢোলবাদন, VIDEO

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাখনৰ শনিবাৰে নিশা সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কৰ্মশালাখনৰ সাংস্কৃতিক অনুষ্ঠানত যুৱতী সকলৰ এটা দলে কান্ধত ঢোল লৈ প্ৰৰ্দশন কৰা ঢোলবাদনৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আপ্লুত কৰে। নব প্ৰজন্মৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনৰ সামৰণিৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্যান্য কাৰ্যসূচীৰ লগতে যুৱতীৰ দলটোৱে প্ৰৰ্দশন কৰা ঢোলবাদন কাৰ্যসূচীটোৰ স্থানীয় ৰাইজে বিশেষভাৱে শলাগ লয়।

উক্ত ঢোলবাদন কাৰ্যসূচীত বনশ্ৰী শৰ্মা কলিতা, প্ৰজ্ঞানিকা বৰা, গীতামনি বৰুৱা, বন্দনা কৌশিক, ধৰিত্ৰী বৰা, ত্ৰিদিশা কলিতা, জুৰি বৰা, অনামিকা গায়ন আৰু চন্দনা বৰাই অংশ্ৰগ্ৰহণ কৰে।
ইয়াৰোপৰি অনু্ষ্ঠানটোত কেইবাটাও ভক্তিমূলক গীত, দেশপ্ৰেমমূলক গীত আৰু আধুনিক গীতত প্ৰশিক্ষাৰ্থী সকলে নৃত্য প্ৰৰ্দশন কৰাৰ লগতে এটি দলীয় বিহু নৃত্যও প্ৰৰ্দশন কৰে। অংগাভিনৰ মুখ্য পৰিচালিকা বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষৰে আয়োজন কৰা কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানটোত অংগাভিনয় অসমৰ শিক্ষক-শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, ৫ জুলাইৰ পৰা ২০ জুলাইৰ লৈকে সৃষ্টিশীল আধুনিক নৃত্য, সত্ৰীয়া নৃত্য আৰু যোগাসনৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে অংগাভিনয় অসমে আয়োজন কৰা কৰ্মশালাখনত ৬০গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in