ৰূপোৱালী নৈৰ ঘাট সোণোৱালী কৰিবলৈ তেওঁ আৰু নাই…

ৰূপোৱালী নৈৰ ঘাট সোণোৱালী কৰিবলৈ তেওঁ আৰু নাই…

ডিজিটেল ডেস্কঃ বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈ আৰু নাই। সোমবাৰে পুৱা ৬ বজাত গুৱাহাটীস্থিত জি এন আৰ চিত ইহলীলা সম্বৰণ কৰে সাহ্যিতিক গৰাকীয়ে। যকৃতকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ থকা বৰমুদৈক ২ জুলাইত ভৰ্তি কৰোৱা হৈছিল জি এন আৰ চি চিকিৎসালয়ত। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰমুদৈয়ে হুইল চেয়াৰতে বহি লেখা-মেলা কৰি আছিল।

পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখত তেজপুৰৰ দেউৰীগাঁৱত ১৯৬৭ চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে।

প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ গল্পই ১৯৬৭ চনত দৈনিক অসমৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল।পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই ছিৰিয়াছ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে।

ক্ৰমান্বয়ে তেখেতৰ কেইবাখনো উপন্যাস প্ৰকাশ পায়, ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস। ২০০৫ চনত পূৰবী বৰমুদৈৰ উপন্যাস শান্তনুকুলনন্দন  প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেখেতে  সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰবী বৰমুদৈ বিবাহ পাশত আবদ্ধ হয়। ২০০৬ চনৰ ২৬ মে'ত বৰমুদৈ গুৰুতৰভাৱে অসুস্থ হৈ তিনি মাহ চিকিৎসাধীন হৈ কটাবলগীয়া হৈছিল।

তেখেতৰ সৃষ্টি সমূহ হৈছে- গজৰাজ প্ৰেম আৰু বন্দীত্ব, ৰুপোৱালী নৈ সোণোৱালী ঘাট, শান্তুনুকুলনন্দন, বাঘশাল, বাঘজাল আৰু মানুহ। সাহিত্য চৰ্চাৰে সাহিত্য অকাডেমী পুৰষ্কাৰৰ লগতে তেও লাভ কৰিছিল অসম সাহিত্য সভাত বাসন্তী বৰদলেৈ বঁটা, ছগনলাল জৈন বঁটা, ২০০৬ চনত অসম লেখিকা সমাৰোহ সমিতিৰ লেখিকা বঁটা। প্ৰবীণা শইকীয়া বঁটা আৰু ২০১২ চনত অসম উপত্যাকা সাহিত্য বঁটা।

পূৰৱী বৰমুদৈৰ দেহাৱসান অসমীয়া সাহিত্য জগতৰ বাবে আপুৰুগীয়া ক্ষতি। বৰমুদৈৰ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in