শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী পূণ্যব্ৰত গোস্বামী গুৰুতৰভাৱে অসুস্থ

শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী পূণ্যব্ৰত গোস্বামী গুৰুতৰভাৱে অসুস্থ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী তথা শ্ৰীশ্ৰীনিকামুল সত্ৰৰ সত্ৰাধিকাৰ, তেজপুৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পূণ্যব্ৰত গোস্বামী বৃক্ক ৰোগত গুৰুতৰভাৱে আক্ৰান্ত। বিগত সপ্তাহৰ পৰা অসুস্থ হৈ পৰা গোস্বামীক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

সত্ৰীয়া তথা শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট ওজা গৰাকীৰ তেজত ক্ৰেটিনাইনৰ পৰিমাণ অত্যাধিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ পোৱাৰ পৰা তেওঁক ডাইলেছিছ প্ৰদানৰ বাবে প্ৰস্তুতি চলাইছে চিকিৎসকে। উল্লেখযোগ্য যে, ভাটখাণ্ডেত শাস্ত্ৰীয় সংগীতৰ  উচ্চ শিক্ষা গ্ৰহণৰ পাছত সত্ৰাধিকাৰৰ দায়িত্ব ল'ব লগা হ'লেও অসমৰ লগতে মণিপুৰ, অৰুণাচল, মেঘালয় আদি চুবুৰীয়া ৰাজ্যত সাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক তথা নিৰীক্ষক হিচাপে তেওঁ সেৱা আগবঢ়াই আহিছিল।

ইফালে সত্ৰাধিকাৰগৰাকী এনেদৰে অসুস্থ হৈ চিকিৎসাধীন হ'বলগা হোৱা খবৰে নিকামুল সত্ৰৰ শিষ্য-প্ৰশিষ্যৰ লগতে তেওঁৰ পৰা বিভিন্ন ৰাগ তথা বৰগীতকে ধৰি শাস্ত্ৰীয় সংগীতৰ শিক্ষা লোৱা গুণমুগ্ধ শিক্ষাৰ্থীসকলকো উদ্বিগ্ন কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in