সন্মুখত লোকসভা নিৰ্বাচন! ভোটদান সন্দৰ্ভত একাংশ শ্ৰমিকে কি আহ্বান জনালে চৰকাৰক

সন্মুখত লোকসভা নিৰ্বাচন! ভোটদান সন্দৰ্ভত একাংশ শ্ৰমিকে কি আহ্বান জনালে চৰকাৰক

ডিজিটেল ডেস্কঃ ১১ এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। ৰাজনৈতিক দলসমূহৰ লগতে ভোটাৰ ৰাইজো এতিয়া সাজু হৈছে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ। কিন্তু তাৰ মাজতে একাংশ ভোটাৰ চিন্তিত হৈছে ভোটাধিকাৰ সাব্যস্ত কৰা সন্দৰ্ভত। কিয়নো নিজৰ বাসস্থানৰ পৰা অন্য স্থানত কৰ্মসূত্ৰে বাস কৰা ভোটাৰসকলে কেনেকৈ ভোটদান কৰিব সেয়াও বৰ্তমান চিন্তাৰ কাৰণ হৈ পৰিছে।

ইফালে, লুধিয়ানাত দেওবাৰে একাংশ শ্ৰমিকে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- তেওঁলোকে এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। তেওঁলোকৰ নিজৰ স্থায়ী ঠিকনা বিহাৰৰ পৰা বহু দূৰৈত কৰ্মসূত্ৰে থাকিব লগা হোৱাৰ বাবে এয়া সম্ভৱ নহয়। লগতে শ্ৰমিক কেইজনে চৰকাৰক আহ্বান জনায় যে- 'আমি নিজ ঘৰৰ পৰা বহুত দূৰৈত আছো। সেয়েহে আমাক ইয়াতেই ভোটাদানৰ ব্যৱস্থা কৰি দিয়ক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in