‘সমগ্ৰ বিশ্বই জানে কাশ্মীৰৰ আক্ৰমণৰ আঁৰত কোন, তাৰ পিছতো কি প্ৰমাণ লাগে ইমৰান খানক?’

‘সমগ্ৰ বিশ্বই জানে কাশ্মীৰৰ আক্ৰমণৰ আঁৰত কোন, তাৰ পিছতো কি প্ৰমাণ লাগে ইমৰান খানক?’

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফ বাহিনীৰ ওপৰত চলোৱা আক্ৰমণত পাকিস্তান জড়িত থকা বুলি ভাৰতে কৰা অভিযোগ খাৰিজ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰন খানে। মঙলবাৰে এক সংবাদ মেলত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কাশ্মীৰৰ ঘটনাত পাকিস্তান জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ এই মন্তব্যৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং। মঙলবাৰে আবেলি পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যক কটাক্ষ কৰি কয় যে কাশ্মীৰৰ বুকুত এটা পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত ৪৪জনকৈ বীৰ জোৱান শ্বহীদ হোৱাৰ পিছতো পাকিস্তানে আৰু কিহৰ তথ্য প্ৰমাণ বিচাৰিছে?

কাশ্মীৰত চি আৰ পি এফ বাহিনীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী সংগঠন জে ই এমৰ মুৰব্বী মছুদ আজহাৰে পাকিস্তানত বহি সন্ত্ৰাস চলাইছে। ইয়াৰ পিছতো সেই ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীজনে এই আক্ৰমণত পাকিস্তান জড়িত থকাৰ প্ৰমাণ বিচৰাটো অযুক্তিকৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে। তেওঁ কয়, 'আমাৰ দেশৰ বীৰ জোৱানৰ ওপৰত আক্ৰমণ ওপৰত চলোৱা আক্ৰমণত পাকিস্তানেই যে সহযোগিতা কৰিছিল, তাৰ আৰু কি অধিক প্ৰমাণ ইমৰান খানে বিচাৰিছে? আমাৰ সেনা বাহিনীয়ে অভিযান চলাই হত্যা কৰা সন্ত্ৰাসবাদীৰ মৃতদেহ যদি আমি তেওঁক দেখুৱাও, তেন্তে সেয়া তেওঁ গ্ৰহণ কৰিবনে?' এই বৰ্বৰ আক্ৰমণৰ আঁৰত যে পাকিস্তান আছে, সেয়া সমগ্ৰ বিশ্বই জানে। তাৰ পিছতো পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে কৰা মন্তব্যৰ কি ভিত্তি থাকিব পাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ কনভয়ৰ ওপৰত চলোৱা সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণৰ ফলত শ্বহীদ হৈছিল ৪৪ জনকৈ বীৰ জোৱান। ইফালে এই ঘটনাৰ পিছতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যে এই আক্ৰমণৰ কুচকাৱাজ ৬ পূৰ্বৰে পৰাই পাকিস্তানৰ মাটিত চলি আছিল। আক্ৰমণ সংঘটিত কৰা জে ই এমে দীৰ্ঘ সময় ধৰি পাকিস্তানৰ বিভিন্ন প্ৰান্তত ৰেলী অনুষ্ঠিত কৰি ভাৰতত সন্ত্ৰাস বিয়পবালৈ ৭ জনকৈ আত্মঘাতী বোমাৰুক ভাৰতলৈ প্ৰেৰণ কৰা সন্দৰ্ভত মন্তব্য কৰিছিল। আনহাতে সন্ত্ৰাসবাদী সংগঠনটোৰ এনে পৰিকল্পনাত পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমেও সহযোগ আগবঢ়োৱা বুলি বাতৰি প্ৰচাৰ হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in