‘পুলৱামা ঘটনাৰ দিনা দেশবাসী ক্ষোভত ফাঁটি পৰা সময়ত প্ৰধানমন্ত্ৰী ব্যস্ত আছিল শ্বুটিঙত’

‘পুলৱামা ঘটনাৰ দিনা দেশবাসী ক্ষোভত ফাঁটি পৰা সময়ত প্ৰধানমন্ত্ৰী ব্যস্ত আছিল শ্বুটিঙত’

ডিজিটেল ডেস্কঃ পুলৱামা ঘটনাত ৪৬জনকৈ সেনা জোৱান শ্বহীদ হোৱাৰ পাছতে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সমগ্ৰ দেশবাসী। পুলৱামাত শ্বহীদ জোৱানসকলৰ ভিতৰত আছিল অসমৰ মহেশ্বৰ বসুমতাৰী। কিন্তু পুলৱামা ঘটনাৰ পাছতেই এগৰাকী কংগ্ৰেছ নেতাই কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্জেৱালাই প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰি কয়- '১৪ ফেব্ৰুৱাৰীত সমগ্ৰ দেশবাসী পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতীয় সেনাৰ ৪৬জনকৈ জোৱান শ্বহীদ হোৱাৰ পাছত শোক আৰু ক্ষোভত ফাঁটি পৰিছিল, সেই দিনা আবেলি প্ৰধানমন্ত্ৰী মোডী জিম কৰ্বেট পাৰ্কত ফিল্ম শ্বুটিঙৰ কামত ব্যস্ত আছিল। পৃথিৱীত এনে ধৰণৰ প্ৰধানমন্ত্ৰী আৰু কোনোবা আছে জানো? মোৰ সঁচাকৈ ক'বলৈ ভাষা নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in