নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত কৰ্মচাৰীৰ হুংকাৰ, ওলাই আহিল মহিলা সমাজো

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত কৰ্মচাৰীৰ হুংকাৰ, ওলাই আহিল মহিলা সমাজো

ডিজিটেল সংবাদ, গোলাঘাটঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে গোলাঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বাতিলৰ দাবীত চৰকাৰী কৰ্মচাৰীসকল ৰাজ পথলৈ ওলাই আহে। গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত জিলাখনৰ কৰ্মচাৰী সকল দলে বলে ওলাই আহি বুধবাৰে পুৱাৰ ভাগতে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট আৰম্ভ কৰে।

কৰ্মচাৰী সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত অন্যান্য সংগঠন সমূহেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, দেশত কৈ চাকৰি ডাঙৰ নহয়, জাতিধ্বংসী বিল প্ৰত্যাহাৰ কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

অন্যহাতে গোলাঘাট জিলা মহিলা সমিতিৰ আহ্বানতো জিলাখনৰ বিভিন্ন স্থানৰ পৰা মহিলা সকল দলে বলে ওলাই আহি উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in