নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাত এন এছ ইউ আইৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাত এন এছ ইউ আইৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ৰহাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাত অব্যাহত আছে প্ৰতিবাদ৷ শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দ্বীপ দাস তথা কংগ্ৰেছৰ মিডিয়া চেলৰ সহযোগত ৰহা ব্লক এন এছ ইউ আইৰ সদস্যই ৰহা নতুন চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

অসমীয়াৰ তেজ খোৱা সৰ্বানন্দ সোণোৱাল নিপাত যাওক, নৰেন্দ্ৰ মোডী গ' বেক, অসমক বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ নিপাত যাঁওক আদি শ্ল'গানেৰে ৰহাৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদস্থলীতে এন এছ ইউ আইৰ কেইবাজনো সদস্যই মুণ্ডনৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দেহত শেষ বিন্দু তেজ থকা লৈকে বিধেয়কৰ বিৰোধিতা কৰিব আৰু যি কোনো মূল্যৰ বিনিময়তে এই বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে৷

প্ৰতিবাদত অংশগ্ৰহন কৰে নগাঁও জিলা এন এছ ইউ আইৰ উপ সভাপতি আমিৰ হামজা খান, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা এছ চি ব'ৰ্ডৰ চেয়াৰমেন দ্বীপ দাস, কংগ্ৰেছৰ মিডিয়া চেলৰ গৌৰাংগ বৰা, ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ জয়ন্ত ডেকা আদিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in