বটদ্ৰৱাৰ দলংঘাটত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

বটদ্ৰৱাৰ দলংঘাটত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ উদ্যোগত আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ সহযোগত মঙলবাৰে বটদ্ৰৱাৰ দলংঘাটত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। দিনৰ ১১ বজাত দলংঘাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দুখীয়া ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা আজি পাহৰি গৈছে।

আজিও এইখন অসমতে বহুত দুখীয়া ৰাইজে ঋণৰ কৱলত পৰি ককবকাই থকাৰ বিপৰীতে দুখীয়া ৰাইজে সু-খাদ্যৰ পৰা বঞ্চিত হৈ আহিছেে বুলি মন্তব্য কৰে মহন্তই। চৰকাৰে দুখীয়া মহিলাক বঞ্চিত কৰি মধ্যাহ্ন ভোজনক বেচৰকাৰীকৰণৰ যি ব্যৱস্থা হাতত লৈছে সেয়া অতি সোনকালে বন্ধ কৰিব লাগে বুলি দাবী জনায় সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে। চৰকাৰে ডিটেনশ্যন কেম্প বন্ধ কৰিব লাগে আৰু ডিটেনশ্যন কেম্প আৰু বিদেশী ন্যায়াধিকৰণৰ অবিবেচক ৰায়দানে দুলাল পালসহ ৭০ গৰাকী মানুহৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাক এইয়া মানৱতাৰ হত্যা বুলি ধিক্কাৰ জনায় সংগঠন দুটাই।

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমৰ উপস্থিতিত শতাধিক পুৰুষ মহিলাই উক্ত ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। বিয়লি ২ বজাত গ্ৰামীণ দুখীয়াৰ সকলো ধৰণৰ ঋণ মাফ কৰক, NRLMৰ আত্মসহায়ক মহিলা গোট সমূহক সামূহিক উন্নয়ন শিতানৰ পৰা দহ লাখ টকাকৈ অনুদান দিয়া, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকাকৈ বৃদ্ধি কৰা আদি কৰি কেইবাটাও দাবী সন্মিলনত এখন স্মাৰক পত্ৰ দলংঘাট উন্নয়ন খণ্ড বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in