ত্ৰিৰংগা বিক্ৰীৰ বিৰুদ্ধে ধেমাজিত এজন যুৱকৰ অভিনৱ প্ৰতিবাদ !

ত্ৰিৰংগা বিক্ৰীৰ বিৰুদ্ধে ধেমাজিত এজন যুৱকৰ অভিনৱ প্ৰতিবাদ !

ধেমাজি, ডিজিটেল সংবাদ : শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত ধেমাজি নগৰত এজন যুৱকে হাতত ত্ৰিৰংগা লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখেৰে এক অভিনৱ প্ৰতিবাদী পদযাত্ৰা কাৰ্য্যসূচী গ্ৰহন কৰে ৷ যুৱকজনে কঁকালত সেউজীয়া বস্ত্ৰ , দেহত প্ৰধানমন্ত্ৰী মোদীৰ ফটো থকা বগা স্পৰ্টিং, মুখ আৰু মূৰত গেৰুৱা বসন পিন্ধি হাতত ত্ৰিৰংগা লৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বাবে বৃদ্ধি হোৱা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰীৰ চাহিদা পূৰণ কৰিবলৈ অশুদ্ধ ৰুপত নিৰ্মাণ কৰা পতাকাৰ  বিৰোধিতা কৰি " STOP SELLING TRIRANGA " শীৰ্ষক প্লেকাৰ্ড লৈ পদযাত্ৰা কৰে ৷

যুৱকজনৰ অভিনৱ প্ৰতিবাদী পদযাত্ৰা সময়ত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হওঁতেই যুৱকৰ হাতৰ " STOP SELLING TRIRANGA " প্লেকাৰ্ড আৰু ত্ৰিৰংগাখন আৰক্ষীয়ে কাঢ়ি লৈ যুৱকজনৰ সৈতে টনা-আজোৰা হোৱাৰ লগতে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in