মূল্যবৃদ্ধিৰ প্ৰতিবাদত গৰৈমাৰীত আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…

মূল্যবৃদ্ধিৰ প্ৰতিবাদত গৰৈমাৰীত আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…


ডিজিটেল সংবাদ, গৰৈমাৰীঃ ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ হৈ গৰৈমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত গৰৈমাৰীত বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ জানিব পৰামতে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে দিনৰ ১১ বজাত আমছুৰ কৰ্মকৰ্তাসকলে হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি বিজেপি চৰকাৰ হায় হায়-মুৰ্দাবাদ, ৰাজ্যৰ মূল্যবৃদ্ধি ৰোধ কৰক, মন্ত্ৰী ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, খাদ্য বিভাগ হায় হায় আদি ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে৷

এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আবুল কালাম আজাদ, দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি ইমদাদ হুছেইন, সম্পাদক নূৰ আলম, গৰৈমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমৰাণ হক, সম্পাদক জিলান হক প্ৰমূখ্যে সংগঠনটোৰ ভালেসংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷ আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত আমছুয়ে গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালযৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in