তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱা : তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁও জিলাৰ ধিং গাঁও এম ই স্কুলত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সৃষ্টি কৰাৰ বাবে এক শোভাযাত্ৰা উলিওৱা হয়।

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ সভাপতি মিজানুল ইছলামে শুভাৰম্ভ কৰা শোভাযাত্ৰাত ধিং গাঁও এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। শোভাযাত্ৰা ধিং গাঁও এম ই স্কুলৰ পৰা আৰম্ভ কৰি শিমলুআটি, ধিং গাঁও অঞ্চল পৰিভ্ৰমণ কৰি ঘৰ ঘৰ ত্ৰিৰংগা শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in