বিবাহ বিচ্ছেদ হ’ব নেকি প্ৰিয়ংকা-নিকৰ? কাৰ বিৰুদ্ধে কোনে তৰিব গোচৰ…

বিবাহ বিচ্ছেদ হ’ব নেকি প্ৰিয়ংকা-নিকৰ? কাৰ বিৰুদ্ধে কোনে তৰিব গোচৰ…

ডিজিটেল ডেস্কঃ যোৱা বছৰ বিবাহৰ বাবে চৰ্চাত থকা প্ৰিয়ংকা চোপ্ৰাৰ বিষয়ে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ হৈছিল যে, তেওঁ আৰু স্বামী নিক জোনাছৰ মাজত বিবাহ বিচ্ছেদ হ'ব। আমেৰিকাৰ এখন আলোচনীয়ে দাবী কৰি লিখিছিল যে- বিবাহৰ মাত্ৰ ১১৭দিনৰ পাছতে দুয়োগৰাকীয়ে তাৰকাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে। আৰু এই খবৰৰ পাছতেই প্ৰিয়ংকা আৰু নিকৰ সম্পৰ্কক লৈ বহু চৰ্চা হৈছে।

ইফালে, এক সূত্ৰ অনুসৰি, নৱ-দম্পতীহালে এই আলোচনীখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, দুয়োগৰাকী তাৰকা বিবাহৰ পাছত বহু সুখী। কিন্তু বিয়াৰ পাছৰ পৰাই দুয়োগৰাকীৰ বিষয়ে এনেধৰণৰ ভুৱা বাতৰি প্ৰকাশ কৰা হৈছে।

আনহাতে, প্ৰিয়ংকা আৰু নিকে এই সন্দৰ্ভত মন্তব্য কৰে যে, যদি এই খবৰ এপ্ৰিল ফুলৰ বাবে প্ৰকাশ কৰা হৈছে, তেন্তে এয়া বৰ লজ্জাজনক। উল্লেখ্য যে, আলোচনীখনত লিখিছিল যে- প্ৰিয়ংকা আৰু নিকৰ প্ৰতিটো বিষয়ত কাজিয়াৰ সৃষ্টি হয়। প্ৰিয়ংকা নিকতকৈ বয়সত ডাঙৰ হ'লেও তেওঁ ২১ বছৰীয়া যুৱতীৰ দৰে ব্যৱহাৰ কৰে। আৰু সেয়েহে দুয়োজনে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in