সমাজ, সংস্থাপন আৰু অধিকাৰৰ হকে মাত মতা সকলক দেশদ্ৰোহী সজায় বিজেপিয়েঃ হাৰ্দিক পেটেলৰ গ্ৰেপ্তাৰত প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া

সমাজ, সংস্থাপন আৰু অধিকাৰৰ হকে মাত মতা সকলক দেশদ্ৰোহী সজায় বিজেপিয়েঃ হাৰ্দিক পেটেলৰ গ্ৰেপ্তাৰত প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ গুজৰাটৰ পাটীদাৰ আন্দোলনৰ নেতা তথা বৰ্তমানৰ কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা। টুইটত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি প্ৰিয়ংকাই অভিযোগ কৰে যে সমাজৰ সাধাৰণ জনতাৰ হকে মাত মতাসকলক বিজেপিয়ে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দি আহিছে।

টুইটত প্ৰিয়ংকাই লিখিছে, 'যুৱকসকলৰ সংস্থাপন আৰু কৃষক সকলৰ অধিকাৰৰ বাবে যুঁজ দি অহা যুৱ নেতা হাৰ্দিক পেটেলক বিজেপিয়ে বাৰে বাৰে হাৰাশাস্তি কৰি আছে। হাৰ্দিকে তেওঁৰ সমাজৰ সাধাৰণ জনতাৰ হকে মাত মাতি আহিছে, তেওঁলোকৰ বাবে সংস্থাপন আৰু ছাত্ৰবৃত্তিৰ দাবী কৰি আহিছে। কৃষক আন্দোলন কৰিছে। বিজেপিয়ে ইয়াক 'দেশদ্ৰোহী' আখ্যা দিছে।'

উল্লেখ্য যে, ২০১৫ চনৰ ২৫ আগষ্টত আহমেদাবাদত পেটেল সম্প্ৰদায়ে বাহিৰ কৰা সমদলত সংঘটিত হৈছিল হিংসাত্মক ঘটনাৰ। তাৰ পিছতে স্থানীয় ক্ৰাইম ব্ৰান্সে হাৰ্দিক পেটেলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰে। এই গোচৰৰ শনিবাৰে শুনানি গ্ৰহণ কৰি শনিবাৰে আহমেদাবাদৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে পেটেলৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰাৰ পিছতে আহমেদাবাদৰ বীৰমগমৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছ নেতাজনক।

ইফালে শনিবাৰে গ্ৰেপ্তাৰৰ পিছতে হাৰ্দিক পেটেলক আহমেদাবাদৰ সত্ৰ ন্যায়াধীশত হাজিৰ কৰোৱা হয়। পৰৱৰ্তী সময়ত তেওঁ ২৪ জানুৱাৰী পৰ্যন্ত ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ন্যায়ালয়ে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাৰ্দিক পেটেলক জে'ললৈ প্ৰেৰণ কৰিছিল। পিছত দীঘলীয়া কাৰাবাসৰ অন্তত ২০১৬ চনৰ জুলাইত জামিনত মুক্তি লাভ কৰিছিল পেটেলে। ২০১৮ চনৰ নৱেম্বৰত আদালতে হাৰ্দিক পেটেল আৰু অন্য অভিযুক্তক পেটেল সম্প্ৰদায়ৰ সমদলত হিংসাত্মক ঘটনাৰ সৃষ্টিত জড়িত থকাৰ গোচৰত দোষী সাব্যস্ত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in