চাহ বাগিছাত মহিলা শ্ৰমিকৰ ৰূপত প্ৰিয়ংকা গান্ধী…

চাহ বাগিছাত মহিলা শ্ৰমিকৰ ৰূপত প্ৰিয়ংকা গান্ধী…

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে আহি অসমত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ভ্ৰমণৰ দ্বিতীয়টো দিনৰ পুৱা ভাগত কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত। তাত বুঢ়়া মাধৱ দেৱালয় দৰ্শন কৰি প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰে চাহ বাগিচাখনৰ মহিলা শ্ৰমিকসকলক।

চাহ বাগিছাখনত তেওঁক এগৰাকী মহিলা চাহ শ্ৰমিক ৰূপত দেখা গ'ল। ইতিমধ্যে প্ৰিয়ংকা গান্ধী বাদ্ৰাই নিজৰ ফেচবুক একাউণ্টত চাৰিখন ফটো শ্বেয়াৰ কৰাও পৰিলক্ষিত হৈছে। মহিলা চাহ শ্ৰমিকসকলৰ সৈতে বাগিছাত চাহ পাত তুলা দেখা যায় তেওঁক।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ফেচবুকত এই ফটো কেইখন শ্বেয়াৰ কৰি লিখিছে- 'The life of the tea garden workers is full of truth and simplicity and their labor is valuable for the country. Today sat with them and felt their work, home family and difficulties in their life. I won't forget the love I got from her and this intimacy.'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in