ভীষণ ব্যস্ত! আজি ‘Hi’ ক’বলৈও সময় নাই প্ৰিয়ংকাৰ…

ভীষণ ব্যস্ত! আজি ‘Hi’ ক’বলৈও সময় নাই প্ৰিয়ংকাৰ…

ডিজিটেল ডেস্কঃ  'হাই' বুলি ক'বলৈও আজি সময় নাই। বাঢ়িছে ভীষণ ব্যস্ততা। ডুৰু ডুৰুকৈ বুকু নকপিলেও সাতখন আঠখন কৰিছে দেহ-মন। কিয়নো আমেৰিকান বয়ফ্ৰেইণ্ডৰ সৈতে অচিৰেই নতুন জীৱন আৰম্ভ হ'ব প্ৰিয়ংকা চোপ্ৰাৰ। বিয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰো খবৰ পোৱা গৈছে।

জন্মদিনত লণ্ডনত প্ৰেমিক নিক জ'নাছে ২ কোটি টকীয়া আঙঠি পিন্ধাই দিয়াৰ পিছত বিয়াৰ দিনক লৈ সৰ্বত্ৰে চৰ্চা চলিছিল আৰু এতিয়া সেই দিন সমাগত। বৃহস্পতিবাৰেই নিউয়ৰ্কৰ পৰা মুম্বাইত আহি উপস্থিত হৈছে প্ৰিয়ংকা। লগতে পিতৃ-মাতৃসহ আহিছে নিক জনাছ।

ইয়াৰ মাজতে যোৱা নিশা জে ডব্লিউ মেৰিঅট নামৰ বিলাসী ৰেষ্টুৰেণ্টত এক নৈশ ভোজতো অংশগ্ৰহণ কৰে নিক-প্ৰিয়ংকাই। দুয়ো হাতত ধৰা-ধৰিকৈ হোটেলখনৰ পৰা ওলাই অহাৰ দৃশ্যও বন্দী হৈছে কেমেৰাত। ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মাতৃ মধু চোপ্ৰা আৰু ভাতৃ সিদ্ধাৰ্থও সেই নৈশ ভোজত উপস্থিত আছিল বুলি বাতৰিত প্ৰকাশ পাইছে।

ইফালে শনিবাৰে পুৱাৰ ভাগত প্ৰিয়ংকাৰ আটকধুনীয়াকৈ সজাই থোৱা বাসগৃহত সম্পন্ন কৰা হয় বিশেষ পূজাৰ। সন্ধিয়াৰ ভাগলৈকে নিকৰ পিতৃ-মাতৃৰ লগতে প্ৰিয়ংকাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ উপস্থিতিত আঙঠি পিন্ধোৱা পৰ্ব উপলক্ষে বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও অনুমান কৰা হৈছে।

অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰা মতে, সন্ধিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত কৰণ জোহাৰ, ৰণবীৰ সিঙৰ লগতে ডিজাইনাৰ মনীষ মালহোত্ৰাও উপস্থিত থকাৰ সম্ভাৱনা আছে। সমীপৱৰ্তী হোটেলত অতিথিসকলৰ বাবে কেবাটাও বিলাসী কোঠা সাজু কৰি ৰখা হৈছে বুলিও ব্যক্ত কৰিছে সূত্ৰটোৱে।

উল্লেখ্য যে, যোৱা জুন মাহত প্ৰথমবাৰ প্ৰিয়ংকাৰ পৰিয়ালক সাক্ষাত কৰিবলৈ বুলি ভাৰতলৈ আহিছিল নিক। সেই সময়ছোৱাত গোৱাত অৱসৰ বিনোদনৰ অন্তত পুনৰ প্ৰিয়ংকাৰ সৈতে স্বদেশলৈ উৰা মাৰিছিল মাৰ্কিন গায়কজন। এইবাৰ পিছে প্ৰিয়ংকাক আজীৱন লগৰী কৰিহে লৈ যাব নিকে। সেয়া ইতিমধ্যে মোহময়ী অভিনেত্ৰীগৰাকীৰ বাসভৱনৰ বাহিৰৰ পৰিৱেশেই সকলোকে স্পষ্টকৈ কৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in