শ্বহীদক সন্মান কৰক, ৰাজনীতি নহয়ঃ প্ৰিয়ংকা গান্ধী

শ্বহীদক সন্মান কৰক, ৰাজনীতি নহয়ঃ প্ৰিয়ংকা গান্ধী

ডিজিটেল ডেস্কঃ ৰাজনীতিত ন কৈ প্ৰৱেশ কৰিলেও প্ৰিয়ংকা গান্ধীৰ প্ৰভাৱ আৰু জনপ্ৰিয়তাক লক্ষণীয় হৈ পৰিছে। কংগ্ৰেছৰ এই নেত্ৰীগৰাকীয়ে য'তেই গৈছে, তাতেই সৃষ্টি হৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ। সোমবাৰে ফাতেহপুৰ চিক্ৰীত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় প্ৰিয়ংকাই। প্ৰিয়ংকাৰ সৈতে বিশাল জনসমাবেশখনত উপস্থিত থাকে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

ভাষণ প্ৰসংগত প্ৰিয়ংকাই পুনৰ এবাৰ শাসকীয় দল বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোডীক মিছলীয়া আখ্যা দি তেওঁলোকৰ নীতি-আদৰ্শই দেশত বিভাজন সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰে প্ৰিয়ংকাই। জনসভাত শ্বহীদ আৰু সেনাৰ নামত ৰাজনীতি কৰা বিজেপিৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিজেপিক তেনে ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

প্ৰিয়ংকা গান্ধীয়ে কয়, 'বিজেপিৰ নেতাই নিজকে ৰাষ্ট্ৰবাদী বুলি অভিহিত কৰে। যদি আপোনালোক সঁচাকৈয়ে ৰাষ্ট্ৰবাদী তেন্তে শ্বহীদৰ নামত ৰাজনীতি কৰাৰ পৰিৱৰ্তে শ্বহীদক সন্মান কৰিবলৈ শিকক। লাগিলে শ্বহীদ হিন্দুৱেই হওক বা মুছলমান, বা আপোনালোকৰ বিৰোধী দলৰ নেতাৰ পিতৃয়েই হওক, মুঠতে শ্বহীদ সদায় সন্মানৰ যোগ্য হৈ থকা উচিত।'

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপিৰ নেতৃত্বই প্ৰায়ে জৱাহৰলাল নেহৰু, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীক ভ্ৰষ্টাচাৰী প্ৰধানমন্ত্ৰী আখ্যা দি আহিছে। যাৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰিয়েই প্ৰিয়ংকাই ইয়াক লৈ বিজেপিক সমালোচনা কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in