বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়…

বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়…

ডিজিটেল সংবাদ গোৱালপাৰা: সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গোৱালপাৰাৰ দুগৰাকীকৈ পৰীক্ষাৰ্থীয়ে স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াইছে। গোৱালপাৰা চহৰৰ ২ নং কলনিৰ প্ৰিয়াক্ষী ঘোষে বানিজ্য শাখাত ৰাজ্যৰ ভিতৰত চতুৰ্থ আৰু কৃষ্ণাইৰ মৃণাল ৰয়ে ষষ্ঠ স্থান দখল কৰিছে।

পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী প্ৰিয়াক্ষীয়ে সৰ্বমুঠ ৫ টা বিষয়ৰ ৫০০ নম্বৰৰ ভিতৰত লাভ কৰিছে ৪৭৩ নম্বৰ। প্ৰিয়াক্ষীয়ে ক্ৰমে ইংৰাজীত ৯৭ নম্বৰ, বিকল্প ইংৰাজীত ৯৬ নম্বৰ, হিচাপ বিদ্যা বিষয়ত ৯৪ নম্বৰ ,বিত্ত বিষয়ত ৯৬ নম্বৰ আৰু ব্যৱসায় অধ্যয়ন বিষয়ত ৮৩ নম্বৰ লাভ কৰিছে। পৰীক্ষাৰ্থী গৰাকীৰ সৰ্বমুঠ নম্বৰৰ শতাংশ হ'ল ৯৪.৭।

সেইদৰে কৃষ্ণাইৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'ষ্টেপচ্ একাডেমি'ৰ বাণিজ্য শাখাৰ ছাত্ৰ মৃণাল ৰয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত লাভ কৰিছে ৪৬৮ নম্বৰ। মৃণালে ক্ৰমে ইংৰাজীত ৯২ নম্বৰ, আধুনিক অসমীয়া বিষয়ত ৯৮ নম্বৰ , অৰ্থনীতি বিষয়ত ৯৪ নম্বৰ ,ব্যৱসায় অধ্যয়ন বিষয়ত ৯২ নম্বৰ , বিত্ত বিষয়ত ৯২ নম্বৰ আৰু হিচাপ বিদ্যা বিষয়ত ৭৭ নম্বৰ লাভ কৰিছে। শতাংশৰ হিচাপত মৃণাল ৰয়ে পাইছে ৯৩.৬ শতাংশ।

দুয়োগৰাকী পৰীক্ষাৰ্থীয়ে পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী আছিল। ৰাজ্যখনৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়কে ধৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী প্ৰিয়াক্ষী ঘোষৰ পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময় সূচী নাছিল। ভৱিষ্যতে এগৰাকী চাটাৰ্ড একাউনটেণ্ট হোৱাৰ মন মেলা ছাত্ৰগৰাকীয়ে যেতিয়াই সময় পাইছিল তেতিয়াই পঢ়া টেবুলত বহিছিল।

আজৰি সময়ত ছবি আঁকি ভাল পোৱা প্ৰিয়াক্ষীক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়ত্ৰীৰ উপৰিও এগৰাকী ঘৰুৱা শিক্ষকে পঢ়া-শুনাৰ তদাৰক কৰিছিল। প্ৰিয়াক্ষীৰ পিতৃ সুধানিধি ঘোষ এগৰাকী পাইকাৰী ঔষধ ব্যৱসায়ী আৰু মাতৃ ৰাখী ঘোষ গৃহিণী।

উল্লেখযোগ্য যে,শেহতীয়াকৈ ফলাফল হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহে প্ৰদৰ্শন কৰিছে শোচনীয় ফলাফল। এই লৈ চৰকাৰী বিদ্যালয়সমূহে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এনে সময়তে গোৱালপাৰা চহৰৰ পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে চৰকাৰী বিদ্যালয়খনত অধ্যয়ন কৰা প্ৰিয়াক্ষীয়ে চতুৰ্থ স্থান লাভ কৰাত চৰকাৰী বিদ্যালয়খনত এক উচবমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

চৰকাৰী বিদ্যালয়ত পঢ়িও ভাল ফলাফল লাভ কৰিব পাৰি বুলি প্ৰিয়াক্ষী ঘোষে সংবাদ মাধ্যমত মন্তব্য কৰি কয়-'মোক চাৰ-বাইদেউসকলে পঢ়া-শুনাত যথেষ্ট সহায় কৰিছে।মোৰ সফলতাৰ আঁৰত চাৰ-বাইদেউসকলৰ লগতে মোৰ মা-দেউতা আৰু বন্ধু-বান্ধৱীসকলে বহুত সহায় কৰিছে। মই সকলোৰে ওচৰত চিৰ কৃতজ্ঞ। মই আগলৈ এইখন চহৰতে পঢ়িম'।

ইপিনে নতুনকৈ স্থাপিত কৃষ্ণাইৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'ষ্টেপচ্ একাডেমি'ৰ প্ৰথটো বেটচতে বানিজ্য শাখাত মৃণাল ৰয়ে ষষ্ঠ স্থান দখল কৰাত বিদ্যালয়খনত আনন্দৰ বন্যাৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীসকলে বেনাৰ-পষ্টাৰলৈ বিভিন্ন শ্ল'গানেৰে সমগ্ৰ জিলাখনতে বাহনেৰে ৰেলি কৰি বিজয় উল্লাস কৰা পৰিলক্ষিত হৈছে।জানিব পৰা মতে মৃণাল ৰয়ে কোনো ঘৰুৱা টিউচন লোৱা নাছিল।মৃণাল ৰয় কৃষ্ণাইৰ পদ্মলোচন ৰয় আৰু অনিমা ৰয়ৰ সুসন্তান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in