মুকলি হ’ল বিশ্বৰ সবাতোকৈ দীৰ্ঘতম সুৰংগ…VIDEO

মুকলি হ’ল বিশ্বৰ সবাতোকৈ দীৰ্ঘতম সুৰংগ…VIDEO

ডিজিটেল ডেস্কঃ শনিবাৰে হিমাচলপ্ৰদেশৰ ৰোহতাগত মুকলি কৰা হয় বিশ্বৰ সবাতোকৈ দীঘল সুৰংগটো উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই সুৰংগটোৰ নাম ৰখা হৈছে অটল সুৰংগ।

সুৰংগটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, আজিৰ দিনটো হৈছে এটা ঐতিহাসিক দিন। আজি অটলজীৰ সপোন সাকাৰ হোৱাৰ লগতে হিমাচলবাসীৰ দশকজোৰা অপেক্ষাৰ অন্ত পৰিছে। উল্লেখ্য যে, এই সুৰংগটিৰ দৈৰ্ঘ্য ৯.০২ কিলোমিটাৰ। সাগৰপৃষ্ঠৰ পৰা ১০হাজাৰ ফুট উচ্চতাত নিৰ্মাণ হোৱা এই সুৰংগটো ২৪ ঘন্টাই খোলা থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in