কন্দুৱাবলৈ সাজু পিয়াজ! পূজা-দীপাৱলীৰ পিছতে দুগুণ বৃদ্ধি পাব দাম

কন্দুৱাবলৈ সাজু পিয়াজ! পূজা-দীপাৱলীৰ পিছতে দুগুণ বৃদ্ধি পাব দাম

ডিজিটেল ডেস্কঃ পুনৰ কন্দুৱাবলৈ সাজু হৈছে পিয়াজ। পূজাৰ আনন্দ-উছাহ শেষ হ'লেই দীপাৱলীৰ পিছতে বৰ্তমানতকৈ দুগুণ হৈ পৰিব পিয়াজৰ দাম। দেশৰ সৰ্বাধিক পিয়াজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰত যোৱা দুদিনত ইয়াৰ মূল্য পূৰ্বতকৈ অধিক হৈ পৰা দেখা গৈছে।

শুকান বতৰৰ বাবে এইবাৰ উৎপাদনৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা বাবে পিয়াজৰ দাম বৃদ্ধিৰ আংশকা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে। যোৱা সপ্তাহত এছিয়াৰ সৰ্ববৃহৎ পিয়াজৰ বজাৰ লাছলগাঁৱত প্ৰতি কিলোগ্ৰাম পিয়াজৰ দৰ আছিল ১২ টকা। মঙলবাৰে এই দৰ ২০ টকা পৰ্যন্ত বৃদ্ধি পায়।

'নৱৰাত্ৰিতো এইবাৰ বৰষুণ নহ'ল। মহাৰাষ্ট্ৰৰ অধিকাংশ ঠাইতে পিয়াজৰ খেতি মৰহি গৈছে। ইয়াৰ ফলত পিয়াজৰ আকাৰ সৰু হৈ পৰিব আৰু উৎপাদন হ্ৰাস পাব। উৎপাদন হ্ৰাস পালে দাম বৃদ্ধি হোৱাটোৱেই স্বাভাৱিক।'- এইদৰে কয় লাছলগাঁও বজাৰৰ পিয়াজৰ বৃহৎ ভাণ্ডাৰ থকা ব্যৱসায়ী এজনে।

ব্যৱসায়ীসকলৰ এনে মন্তব্যৰ লগতে পিয়াজ খেতিৰ প্ৰতিকূল বতৰলৈ চাই ট্ৰেড ইনছাইডাৰ্ছেও পাইকাৰী বজাৰত ইয়াৰ দাম দুগুণ হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। দীপাৱলীৰ সময়ত মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ প্ৰায়সমূহ পিয়াজৰ পাইকাৰী বজাৰ ৭ দিন পৰ্যন্ত বন্ধ হৈ পৰিব। ফলত লাছলগাঁও বজাৰৰ দৰৰ ওপৰত ভিত্তি কৰিয়েই দীপাৱলীৰ পিছৰ ১৫-২০ দিন পৰ্যন্ত সমগ্ৰ দেশতে নিৰ্ধাৰিত হ'ব পিয়াজৰ দাম।

ইতিমধ্যে এই বজাৰখনত পিয়াজৰ দাম কেবাগুণে বৃদ্ধি পাইছে যদিও চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে ইন্ধনৰ মূল্য প্ৰতি দিনে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত সুদূৰ মহাৰাষ্ট্ৰৰ পৰা উত্তৰ-পূবলৈ আহি পোৱালৈকে পিয়াজৰ দামে আকাশৰ স্পৰ্শ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in