বজাৰত জুইঃ পেট্ৰ’লতকৈ অধিক হাৰত বৃদ্ধি পাইছে পিয়াজৰ মূল্য, দুদিনত বৃদ্ধি ২৫ টকা

বজাৰত জুইঃ পেট্ৰ’লতকৈ অধিক হাৰত বৃদ্ধি পাইছে পিয়াজৰ মূল্য, দুদিনত বৃদ্ধি ২৫ টকা

ডিজিটেল সংবাদ নগাঁও: পেট্ৰলতকৈ দ্ৰুত গতিত নগাঁৱত বৃদ্ধি পাইছে পিয়াজৰ দাম ৷ পেট্ৰলে প্ৰতি লিটাৰত শতক পাৰ কৰি শুকুৰবাৰে ১০০.৭৪ ৰ ঘৰত ভৰি দিছে ৷ ৭ অক্টোবৰৰ পৰা পেট্ৰলৰ দাম বৃদ্ধি পাইছে ১টকা ২৪ পইছা ৷ কিন্তু পিয়াজৰ বৃদ্ধি হাৰ জানিলে চকু কপালত উঠিব ৷ ৭ অক্টোবৰত পিয়াজৰ প্ৰতি কিলোগ্ৰামত বিক্ৰি কৰিছিল ৪৫ টকা ৷৯ অক্টোবৰত প্ৰতিকিলোগ্ৰামত বিক্ৰি কৰা হৈছে ৭০ টকা ৷ বৃদ্ধি পালে ২৫ টকা ৷

পেট্ৰলৰ মূল্য ৪ দিনত বৃদ্ধি পালে ১.২৪ টকা ৷ বিপৰিতে চাৰি দিনত পিয়াজৰ মূল্য বৃদ্ধি পালে ২৫ টকা। ব্যাপক হাৰত পিয়াজৰ দাম এইধৰে বৃদ্ধি পোৱাৰ পিছত চৰকাৰ তথা যোগান মন্ত্ৰীৰ কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। সাধাৰণ ৰাইজে প্ৰশ্ন তুলিছে যোগান মন্ত্ৰীয়ে কৰিব লাগে কি আৰু কৰিছে কি?

পেট্ৰল, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বজাৰত লাগিছে জুই ৷ পুজাৰ বতৰত হঠাত বজাৰত জুই লগাৰ পিছত হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ মাজত ৷ সাধাৰণ জনতা এতিয়া বজাৰলৈ গৈ খালী মোনা লৈ ঘৰলৈ ওভতিব লগা হৈছে ৷ ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেলকে ধৰি আলু-পিয়াজকে লৈ জিকা-ভোল-বিলাহি ধৰি সকলোতে জুই লাগিছে ৷ ভয়াবহ ভাবে বজাৰত জুই লগাৰ পিছতো ৰাজ্যৰ যোগান বিভাগটোক দেখা নাই বজাৰত ৰাইজে ৷

শ শ বিষয়া কৰ্মচাৰীয় গিজগিজাই থকা যোগান বিভাগ ক'ত সেই কথা ভাবিবলৈ ৰাইজে যেন পাহৰি পেলাইছে ৷ অৱশ্যে যোগান মন্ত্ৰীক পুৱা সামাজিক মাধ্যমত নিজ স্বাস্হ্য ভালে ৰখাৰ বাবে কচৰত কৰি থকা দেখি আহিছে যদিও বজাৰত জুই লগাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা দেখা নাই৷

শুকুৰবাৰে নগাঁৱত পেট্ৰলৰ প্ৰতি লিটাৰত ১০০.৭৪ টকা ৷ ডিজেল ৯৩.৪৯ টকা , ৰন্ধন গেছ ৯৭০.০৮ টকা (১৪.২কেজি)৷ পিয়াজৰ প্ৰতি কিলোগ্ৰামত ৭০ টকা , আলু ৪০ টকা , বিলাহী ৬০ টকা , কেচা মটৰ ৩৫০ টকা , ফুলকবি ২০০টকা , গাজৰ ১৫০ টকা , জিকা ৬০টকা , ভোল ৬০ টকা ৷
বজাৰত সামগ্ৰীৰ এই ভয়াবহ মূল্যবৃদ্ধিৰ পিছত সৰ্বসাধাৰণে বজাৰলৈ যাবলৈ ভয় কৰা হৈছে৷

কোৰোনাকালে অৰ্থনৈতিক ভেটি ভাঙি পেলোৱাৰ পিছত ৰাইজে বজাৰলৈ যাবলৈ ভয় কৰা হৈছে ৷ একেদৰে কাপোৰৰ বজাৰটো জুই লাগিছে ৷ বজাৰত নতুনকৈ উৎপাদিত কপোৰৰ পৰিমান কম বুলি জানিব পৰা গৈছে ৷ পুৰণি উৎপাদিত কাপোৰ কোম্পানী সমূহে বজাৰত মেলি দিছে ৷ পুৰণি কপোৰত নতুন ষ্টিকাৰ লগাই বজাৰত পুজাৰ কাপোৰ বিক্ৰিৰ বাবে সাজু কৰা হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in