কেবিনেট বৈঠকত লোৱা হ’ল কি কি সিদ্ধান্ত…

কেবিনেট বৈঠকত লোৱা হ’ল কি কি সিদ্ধান্ত…
  • কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই।
  • সংবাদমেলত প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব বুলি জনোৱা হয়।
  • দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত অনুষ্ঠিত হ'ব বৈঠক।
  • লগতে সংবাদমেলত জনোৱা হয়-
  • কেবিনেটৰ স্পকপাৰ্ছন হিচাপে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক নিযুক্তি প্ৰদান।
  • আজিৰ কেবিনেটত মুলতঃ বৰ্তমানৰ কোভিড পৰিস্থিতি সন্দৰ্ভত বিতংকভাৱে পৰ্যালোচনা কৰা হয়।
  • বুধবাৰে ১১ বজাত ইয়াৰ কাৰ্যকৰী দিশখিনি অসমৰ মুখ্য সচিব আৰু ডিজিপিয়ে ব্যাখ্যা কৰিব।
  • প্ৰত্যেকজন মন্ত্ৰীক ন্যূনতম দুখন জিলাৰ দায়িত্ব প্ৰদান কৰিব।
  • জিলাখনৰ দায়িত্ব পোৱাৰ পাছতে মন্ত্ৰীসকলে উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ সহযোগত কোভিডৰ সকলো কথা পৰ্যালোচনা কৰিব।
  • তিনিদিনৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।
  • বুধবাৰে ঘোষণা কৰা ব্যৱস্থাসমূহৰ পাছত ১৫ দিনৰ ভিতৰত যদি বৃদ্ধি কৰিব লগা হয় তেতিয়াহলে অহা কেবিনেটত এটা ইকনমিক পেকেজ প্ৰস্তুত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
  • ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ ক্ষেত্ৰত গঠন কৰি দিয়া হৈছে এখন কমিটী।
  • এই কমিটীয়ে এমাহৰ ভিতৰত নিযুক্তিৰ খচৰা দাঙি ধৰিব।
  • মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধৰ খতিয়ানৰ বাবে অশোক সিংহলক কেবিনেটত গঠন কৰি দিয়া কমিটীৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে।
  • ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত প্ৰতিবেদন দিয়াৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
  • কোভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ বৃদ্ধি হৈছে।
  • কোভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বুধবাৰৰ পুৱা ১১ বজাত লোৱা সিদ্ধান্ত সন্দৰ্ভত মুখ্য সচিব আৰু ডিজিপিয়ে বিতংকভাৱে ঘোষণা কৰিব।
  • পৰহী অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা সেয়া কাৰ্যকৰী হোৱাৰ সম্ভাৱনা।
  • মাইক্ৰ'ফাইনেন্সৰ ঋণৰ সন্দৰ্ভত দুখন কমিটী গঠন কৰি দিয়া হৈছে।
  • এনআৰএলত চৰকাৰে বিনিয়োগ কৰিব ২৬ শতাংশ।
  • এনআৰএলত পূৰ্বে শ্বেয়াৰ আছিল ১২.৩৫ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in