বিধান সভা নিৰ্বাচনৰ ভোটগণনাক লৈ ধেমাজি জিলা প্ৰশাসনৰ সংবাদ মেল…

বিধান সভা নিৰ্বাচনৰ ভোটগণনাক লৈ ধেমাজি জিলা প্ৰশাসনৰ সংবাদ মেল…

ডিজিটেল সংবাদ,ধেমাজি : ইতিমধ্যে হৈ যোৱা বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাকলৈ বুধবাৰে পুৱা ১১ বজাত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ধেমাজি জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে ভোটগণনাৰ প্ৰস্তুতি বিষয়ক লৈ এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ ১১৩ নং ধেমাজি বিধান সভা সমষ্টিটোৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ সম্পৰ্কে আয়ুক্ত গৰাকীয়ে সংবাদ মেলত জনায় যে মুঠ ৩ টা কাউন্টিং হলৰ প্ৰতিটো হলতে ৭ খনকৈ মুঠ ২১ খন টেবুলত ভোটগণনা হ'ব |

ইয়াৰে আন এটা হলৰ ৪ খন টেবুলত পোষ্টেল বেলট গণনাৰ বাবে আৰু তিনিটা হলৰ ২১ খন টেবুলত ই ভি এম মেচিনত ভোটগণনাৰ বাবে ব্যৱহৃত হ'ব | মুঠ প্ৰায় ১৮ টা ৰাউণ্ডত এই ভোটগণনা কাৰ্যসূচী সম্পাদন হ'ব বুলি জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷ এইবাৰ ক'ভিড প্ৰট'কল ৰক্ষা কৰি নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে | বিজয়ী প্ৰাৰ্থীয়ে এইবাৰ বিজয় সমদল উলিয়াব নোৱাৰিব আৰু প্ৰতিদন্দী প্ৰাৰ্থীৰ এজেণ্ট সকলে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক আৰু নিয়ম অনুসৰি প্ৰত্যেকেই মাস্ক , চেনিট্ৰাইজাৰ , স্কিনিং আৰু হেণ্ড গ্ল'ৱ ব্যৱহাৰ কৰিব লাগিব ৷

ইয়াৰ উপৰিও এইবাৰ ভোট গগণাত থকা এজেণ্ট সকলক চকী ব্যৱহাৰ কৰিবলৈ নিদি ইয়াৰ পৰিবৰ্ত্তে দিঘলীয়া তিনিজনীয়া বেঞ্চ দিয়া হ'ব বুলি উল্লেখ কৰে ৷ সংবাদকৰ্মীসকলৰ সুবিধাৰ বাবে নিৰ্বাচন আয়োগৰ নীতি অনুসৰি প্ৰচাৰৰ বাবে মিডিয়া সকলৰ বাবেও সুকীয়াকৈ ৰোমৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে | সংবাদমেলৰ জৰিয়তে সকলোকেই অহা ২ মে'ত হ'ব লগা ভোটগণনাৰ বাবে আয়ুক্ত গৰাকীয়ে সকলোকে সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনৰ হৈ তেওঁ আহ্বান জনায় | সংবাদমেলত জিলা তথ্য ও জনসংযোগ বিষয়া দিব্যজ্যোতি শৰ্মাই উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in