মাজত মাঁথো এদিনঃ বিজেপি, শিৱসেনা, কংগ্ৰেছ, এন চি পিৰ অংক নিমিলিলে মহাৰাষ্ট্ৰত প্ৰযোজ্য হ’ব ৰাষ্ট্ৰপতিৰ শাসন…

মাজত মাঁথো এদিনঃ বিজেপি, শিৱসেনা, কংগ্ৰেছ, এন চি পিৰ অংক নিমিলিলে মহাৰাষ্ট্ৰত প্ৰযোজ্য হ’ব ৰাষ্ট্ৰপতিৰ শাসন…

ডিজিটেল ডেস্কঃ চৰকাৰ গঠনক লৈ চলি থকা অচলাৱস্থাৰ মাজতে চলিত বৰ্ষৰ ৯ নৱেম্বৰত অন্ত পৰিব মহাৰাষ্ট্ৰৰ বৰ্তমানৰ বিধান সভাৰ কাৰ্যকাল। এফালে মুখ্যমন্ত্ৰী আসনখনক লৈ বিজেপি-শিৱসেনাৰ মাজত বিৰ্তক আনফালে এন চি পি-কংগ্ৰেছে শিৱসেনাক সমৰ্থন দিয়াক লৈ ভিন্ন মন্তব্যই এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতি জটিল কৰি পেলাইছে। এই সকলোবোৰৰ মাজতে সকলোৰে নজৰ এতিয়া ৰাজভৱনলৈ। কিয়নো ৯ নৱেম্বৰৰ পাছত মহাৰাষ্ট্ৰত ৰাজনৈতিক পৰিৱেশ কি হব সেয়া এতিয়া নিৰ্ধাৰণ কৰিব ৰাজভৱনে।

মহাৰাষ্ট্ৰৰ ৰাজভৱনৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, ৯ নৱেম্বৰত বিধানসভাৰ কাৰ্যকাল সমাপ্ত হলেও লগে লগেই মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য নহয়। বৰ্তমানৰে চৰকাৰৰখনৰ কাৰ্যকাল কেইটামান দিন বৃদ্ধি কৰি ৰাজ্যখনত বিধানসভা নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰা দলটোক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব ৰাজ্যপালে।

খবৰনুসৰি এই সকলো বিষয়ত ইতিমধ্যে আইনী উপদেশ গ্ৰহণ কৰিছে ৰাজ্যপালে। যদি নিৰ্ধাৰিত সময়ত কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হোৱাটো নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in